• Home
  • »
  • News
  • »
  • assam
  • »
  • 'এদিনৰ বাবে হ'লেও AIUDFৰ বিধায়ক কৰিমুদ্দিনক আদালতৰ মজিয়াত থিয় কৰাম'- হুংকাৰ দিলে বিধায়ক অখিল গগৈয়ে

'এদিনৰ বাবে হ'লেও AIUDFৰ বিধায়ক কৰিমুদ্দিনক আদালতৰ মজিয়াত থিয় কৰাম'- হুংকাৰ দিলে বিধায়ক অখিল গগৈয়ে

হিমন্ত বিশ্ব শৰ্মাক সৰ্বকালৰ ব্যৰ্থ মুখ্যমন্ত্ৰী আখ্যা দিয়ে অখিল গগৈয়ে।

হিমন্ত বিশ্ব শৰ্মাক সৰ্বকালৰ ব্যৰ্থ মুখ্যমন্ত্ৰী আখ্যা দিয়ে অখিল গগৈয়ে।

হিমন্ত বিশ্ব শৰ্মাক সৰ্বকালৰ ব্যৰ্থ মুখ্যমন্ত্ৰী আখ্যা দিয়ে অখিল গগৈয়ে।

  • Share this:
ডিব্ৰুগড়ত ৰাইজৰ দলৰ কৰ্মী সভাত উপস্থিত অখিল গগৈ।কৰ্মীসভাৰ অন্তত সংবাদ মাধ্যমৰ আগত শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে বহুকেইটা বিস্ফোৰক মন্তব্য কৰে। অখিল গগৈয়ে  AIUDFৰ বিধায়ক কৰিমুদ্দিন বৰভূঞাক আক্ৰমণ কৰি কয় যে, 'এদিনৰ বাবে হলেও মই কৰিমুদ্দিন বৰভূঞাক আদালতৰ মজিয়াত থিয় কৰাম। অতি সোনকালে কৰিমুদ্দিন বৰভূঞাৰ বিৰুদ্ধে মানহানি গোচৰ, ক্ৰিমিনেল গোচৰ তৰিম।এদিন হ'লেও আদালতত থিয় কৰাই জে'ললৈ প্ৰেৰণ কৰাম কৰিমুদ্দিনক।'

AIUDFৰ বিধায়ক কৰিমুদ্দিনৰ বিৰুদ্ধে হুংকাৰ অখিল গগৈৰ। 'মোক ১৫ লাখ টকাত বিক্ৰী হোৱা কথা কয়। কিন্তু দম নাই লাই ডিটেক্টৰৰ সন্মুখীন হ'বলৈ। এতিয়া পলাই পত্ৰং দিছে। গাঁতত সোমাইছে। কিন্তু মই এৰি নিদিওঁ । কৰিমুদ্দিনৰ বিৰূদ্ধে মই আইনৰ কাষ চাপিবলৈ সাজু হৈছো।'-এনেদৰে কয় অখিল গগৈয়ে।

বিধায়ক গগৈয়ে  মূল্যবৃদ্ধিৰ প্ৰসংগতো নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। লগতে মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচীও গ্ৰহণ কৰে। অখিল গগৈয়ে কয় যে, 'নৰেন্দ্ৰ মোদীয়ে হিন্দু - মুছলমানৰ মাজত সংঘাত সৃষ্টি কৰি থাকিব আৰু তাৰ মাজত মূল্যবৃদ্ধি কৰি থাকিব।বৰ্তমান দেশৰ অৰ্থনীতি শ্ৰীলংকা অৰ্থনীতি ফালে গতি কৰিছে।' ইফালে হিমন্ত বিশ্ব শৰ্মাক সৰ্বকালৰ ব্যৰ্থ মুখ্যমন্ত্ৰী আখ্যা দিয়ে অখিল গগৈয়ে।
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি