• Home
  • »
  • News
  • »
  • assam
  • »
  • BJP MLA Prashanta Phukan : মই ঘৰ ৰখীয়া, ঘৰ ৰখীয়া হৈয়েই থাকিম, বিজেপিৰ বিধায়ক প্ৰশান্ত ফুকনে কিয় কৰিলে এই মন্তব্য 

BJP MLA Prashanta Phukan : মই ঘৰ ৰখীয়া, ঘৰ ৰখীয়া হৈয়েই থাকিম, বিজেপিৰ বিধায়ক প্ৰশান্ত ফুকনে কিয় কৰিলে এই মন্তব্য 

যি সময়ত বিজেপিৰ ভেটি অসমত সুদৃঢ় নাছিল সেই সময়ত সগৌৰৱে বিজেপিৰ পতাকা ধৰি ৰখা এক অন্যতম ব্যক্তি প্ৰশান্ত ফুকন ৷

যি সময়ত বিজেপিৰ ভেটি অসমত সুদৃঢ় নাছিল সেই সময়ত সগৌৰৱে বিজেপিৰ পতাকা ধৰি ৰখা এক অন্যতম ব্যক্তি প্ৰশান্ত ফুকন ৷

যি সময়ত বিজেপিৰ ভেটি অসমত সুদৃঢ় নাছিল সেই সময়ত সগৌৰৱে বিজেপিৰ পতাকা ধৰি ৰখা এক অন্যতম ব্যক্তি প্ৰশান্ত ফুকন ৷

  • Share this:
জ্যেষ্ঠক সন্মান আৰু কনিষ্ঠক মৰমেৰে আগবাঢ়িছে ৰাজ্যিক বিজেপি (Assam BJP) ৷ ন-পুৰণিৰ সংঘাত মষিমুৰ কৰি এক ঐক্যৱদ্ধ শক্তিৰে আগবাঢ়ি যোৱাৰ স্পষ্ট ইংগিত প্ৰতিফলিত হৈছে বিজেপিৰ শেহতীয়া কাম-কাজত ৷ শেহতীয়াকৈ দুজনকৈ প্ৰাক্তন সাংসদক কেবিনেট মৰ্যাদা দি দৃষ্টান্ত দাঙি ধৰিলে বিজেপিয়ে ৷ ইয়াৰ মাজতে বিধায়ক প্ৰশান্ত ফুকনে (Prashanta Phukan) ক'লে 'মই ঘৰ-ৰখীয়া ৷' প্ৰসংগ এটাই বিজেপিয়ে জ্যেষ্ঠক দিয়ে সন্মান, কনিষ্ঠক দিয়ে মৰম ৷ কিন্তু এই ক্ষেত্ৰত যেন বাৰুকৈয়ে বঞ্চিত ডিব্ৰুগড়ৰ বিধায়ক গৰাকী ৷

যি সময়ত বিজেপিৰ ভেটি অসমত সুদৃঢ় নাছিল সেই সময়ত সগৌৰৱে বিজেপিৰ পতাকা ধৰি ৰখা এক অন্যতম ব্যক্তি প্ৰশান্ত ফুকন ৷ সোণোৱাল মন্ত্ৰী সভাত স্থান নোপোৱা প্ৰশান্ত ফুকনে হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰী সভাতো (Himanta Biswa Sarma Ministry) নাপালে স্থান ৷ এই প্ৰসংগতে ১৯৯১চনতে বিজেপিত যোগদান কৰি দলীয় পতাকা ধৰি ৰখা প্ৰশান্ত ফুকনে  মন্ত্ৰিত্বৰ পৰা বাৰম্বাৰ বঞ্চিত হৈ যেন বুকুত জ্বলি থকা জুই কুৰাৰ কথাই স্পষ্ট কৰিলে ৷

ন-পুৰণিৰ প্ৰসংগক লৈ মাজে মাজে সংঘাতৰ সৃষ্টি হোৱা দেখা যায় ৰাজ্যিক বিজেপিত ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বিজেপিত যোগদান কৰাৰ পিছত বিষয়টো অধিক মূৰ দাঙি উঠাও পৰিলক্ষিত হৈছে ৷ বিশেষকৈ ২০১৯ৰ লোকসভা নিৰ্বাচনত ৮জন সাংসদৰ ৫জনৰে কটা হ'ল টিকট ৷ লগে লগে টিকট বঞ্চিত সকলৰ মাজত দেখা গ'ল ব্যাপক অসন্তুষ্টি ৷ টিকটৰ পৰা বঞ্চিত হৈ তেজপুৰৰ প্ৰাক্তন সাংসদ আৰ পি শৰ্মাই বিজেপি ত্যাগ কৰি যোগদান কৰিলে কংগ্ৰেছত ৷ কিন্তু দলীয় আদৰ্শৰ পৰা বিচলিত নহ'ল ৰমেন ডেকা,ৰাজেন গোহাঁই,বিজয়া চক্ৰৱৰ্তী আৰু কামাখ্যা প্ৰসাদ তাছা ৷

দল বিৰোধী কাৰ্যকলাপত লিপ্ত নহৈ দলৰ স্বাৰ্থত কাম কৰি যোৱাৰ দাম পালে প্ৰথমেই কামাখ্যা প্ৰসাদ তাছাই ৷ কামাখ্যা প্ৰসাদ তাছাক উপহাৰ হিচাপে দিলে ৰাজ্যসভাৰ আসন ৷ দ্বিতীয়তে দলীয় নেতৃত্বৰ প্ৰতি অসন্তুষ্টি থকা ৰমেন ডেকাকো দিলে দলে জ্যেষ্ঠতাৰ সন্মান ৷ মঙলদৈ লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ, প্ৰাক্তন ৰাজ্যিক সভাপতি ৰমেন ডেকাক "ৰাজ্যিক উদ্ভাৱণ আৰু ৰূপান্তৰণ আয়োগৰ" সহ উপাধ্যক্ষৰ লগতে কেবিনেট মৰ্যাদা প্ৰদান কৰিলে ৰাজ্য চৰকাৰে ৷  একেদৰে ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ নেতা, নগাঁও লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ, কেন্দ্ৰীয় ৰেল ৰাজ্যিক ৰাজেন গোহাঁইক সন্মান জনাই খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অধ্যক্ষ তথা কেবিনেট মৰ্য্যাদা প্ৰদান কৰিলে ৷

বিজেপিৰ উপসভাপতি তথা নলবাৰীৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাই ক'লে, "বিজেপি আন দলতকৈ পৃথক ৷ বিজেপিত যি সমৰ্পিত হৈ কাম কৰে সেই সকলে প্ৰাপ্য খিনি পাইছে আৰু পায়েই থাকিব ৷ বিজেপিত প্ৰথমে ৰাষ্ট্ৰ তাৰ পিছত দল আৰু ব্যক্তি শেষত ৷ দুয়োগৰাকী জ্যেষ্ঠ নেতাক কেবিনেট মৰ্যাদা দিয়াত আমি সুখী ৷" পিছে  প্ৰশান্ত ফুকনে কেতিয়া পাব নিজৰ দাম!
Published by:Manjumoni Borah
First published: