• Home
  • »
  • News
  • »
  • assam
  • »
  • দেউতাৰ আধৰুৱা সপোন পুত্ৰ হিচাপে সম্পূৰ্ণ কৰিমঃ গৌৰৱ গগৈ

দেউতাৰ আধৰুৱা সপোন পুত্ৰ হিচাপে সম্পূৰ্ণ কৰিমঃ গৌৰৱ গগৈ

গৌৰৱ গগৈয়ে লগতে পিতৃৰ শেষ ইচ্ছা পূৰণ কৰিবলৈ আশীৰ্বাদ বিচাৰে অসমবাসীৰ পৰা।

গৌৰৱ গগৈয়ে লগতে পিতৃৰ শেষ ইচ্ছা পূৰণ কৰিবলৈ আশীৰ্বাদ বিচাৰে অসমবাসীৰ পৰা।

গৌৰৱ গগৈয়ে লগতে পিতৃৰ শেষ ইচ্ছা পূৰণ কৰিবলৈ আশীৰ্বাদ বিচাৰে অসমবাসীৰ পৰা।

  • Share this:
‘দেউতাৰ আধৰুৱা সপোন মই পুত্ৰ হিচাপে সম্পূৰ্ণ কৰিম। পৰিয়ালৰ সিদ্ধান্ত তেওঁৰ চিতা ভষ্ম তিতাবৰ লৈ যাব। অসম ভ্ৰমণৰ শেষ ইচ্ছা আছিল প্ৰয়াত তৰুণ গগৈৰ। চিকিৎসক সকলোকে শেষ ইচ্ছা সম্পৰ্কে কৈছিল। অসমৰ নৱ প্ৰজন্মৰ বাবে বহু সপোন দেখিছিল তৰুণ গগৈয়ে।  গাঁওৰ উন্নয়নত গুৰুত্ব দিছিল। এতিয়া সেই সপোন বোৰ মই পূৰণ কৰিম।’- প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মুখাগ্নি কৰি এই মন্তব্য কৰে পুত্ৰ গৌৰৱ গগৈয়ে।

গৌৰৱ গগৈয়ে লগতে পিতৃৰ শেষ ইচ্ছা পূৰণ কৰিবলৈ আশীৰ্বাদ বিচাৰে অসমবাসীৰ পৰা। গৌৰৱ গগৈয়ে  দলৰ বিধায়ক সকল, সংবাদমাধ্যমকো ধন্যবাদ জ্ঞাপন কৰে। লগতে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্মৃতি সৌধ নিৰ্মাণ কৰিবলৈ ৰাজ্য চৰকাৰক কোনো ধৰণৰ দাবী জনোৱা নাই বুলিও জনাই গৌৰৱ গগৈয়ে।
Published by:Himangshu Bhuyan
First published: