‘অগপ শক্তিশালী নহয় অতুল-কেশৱ বাহিনীৰ হাতত’-জানুৱাৰীত স্থিতি স্পষ্ট কৰিব অগপৰ এইগৰাকী জ্যেষ্ঠ নেতাই

পুনৰ নেতৃত্বৰ বিৰুদ্ধে হুংকাৰ পাটাচাৰকুছি সমষ্টিৰ অসম গণ পৰিষদৰ বিধায়ক পবিন্দ্ৰ নাথ ডেকাৰ।
পুনৰ নেতৃত্বৰ বিৰুদ্ধে হুংকাৰ পাটাচাৰকুছি সমষ্টিৰ অসম গণ পৰিষদৰ বিধায়ক পবিন্দ্ৰ নাথ ডেকাৰ।
- News18 Assam
- Last Updated: August 27, 2020, 11:14 PM IST
বজালী জিলাৰ পৰা অগপৰ বিধান পৰিষদলৈ বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হোৱাৰ পিছতো বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা অগপৰ একাদশ কেন্দ্ৰীয় সাধাৰণ পৰিষদৰ সভাত অংশ নল’লে কা বিৰোধী স্থিতিত অটল হৈ থকা প্ৰাক্তন মন্ত্ৰী পবিন্দ্ৰ নাথ ডেকাই। পবিন্দ্ৰ ডেকাই লগতে News18ক জনাই যে, ‘গণতন্ত্ৰৰ অন্যতম স্তম্ভ ন্যায়পালিকাৰ ওপৰত মোৰ গভীৰ বিশ্বাস আছে। সেইবাবেই মই সভাত অংশ নল’লো।’
ইফালে আগন্তুক বিধানসভা নিৰ্বাচনত দলে টিকট নিদিলেও প্ৰতিদ্বন্দিতা কৰিব বুলি জনাই বিধায়কগৰাকীয়ে। ইয়াৰ মাজতে অৱশ্যে জানুৱাৰীৰ প্ৰথম সপ্তাহত তেওঁৰ শেহতীয়া স্থিতি সন্দৰ্ভত ৰাইজক অৱগত কৰিব বুলিও কয় নেতাগৰাকীয়ে।