‘২০২১ত কেবিনেট মন্ত্ৰী হ’ম, সাৰদা, লুই বাৰ্জাৰ কেলেংকাৰীৰ তদন্ত কৰিম’- বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ হুংকাৰ

‘২০২১ত ৰাজ্যত কংগ্ৰেছৰ চৰকাৰ আহিব ৷ কংগ্ৰেছৰ চৰকাৰ আহিলেই মই কেবিনেট মন্ত্ৰী হ’ম।’
‘২০২১ত ৰাজ্যত কংগ্ৰেছৰ চৰকাৰ আহিব ৷ কংগ্ৰেছৰ চৰকাৰ আহিলেই মই কেবিনেট মন্ত্ৰী হ’ম।’
- News18 Assam
- Last Updated: December 5, 2020, 3:24 PM IST
বিধায়কজনে লগতে কয় যে, ‘দুখীয়াৰ টকা খোৱা লোকে কেতিয়াও ৰেহাই নাপায় ৷ সাৰাদাৰ টকা যি খাইছে জে’লত ভৰাম ৷ ২০২১ত ৰাজ্যত কংগ্ৰেছৰ চৰকাৰ হোৱাটো প্ৰায় নিশ্চিত ৷’
ৰূপজ্যোতি কুৰ্মীৰ মতে, ২০২১ত হিমন্তৰ দিন উকলিব। ডেট যাবৰ সময়ত বেছিকৈ পোহৰ দিয়াৰ দৰে হিমন্তৰ বেটেৰীয়ে এতিয়া বেছিকৈ পোহৰ দিছে। ইপিনে মন্ত্ৰী হিমন্তক শকুনি, কংস লগত তুলনা কৰিলে ৰূপজ্যোতি কুৰ্মীয়ে ৷ শকুনি মামা, কংস মামাই যেনেকৈ নিকৃষ্ট চক্ৰান্ত কৰিছিল ঠিক তেনেকৈ মন্ত্ৰী হিমন্তই অসমত মামাৰ ভূমিকাত অৱতীৰ্ণ হৈছে ৷ কিন্তু মামাৰ সপোন কেতিয়াও বাস্তৱত পৰিণত নহয়।’