মুখ্যপৃষ্ঠা »খবৰ »অসম »Badruddin Ajmal : "ধুবুৰীত ময়েই হ'ম বাদশ্বাহ, মোৰ ওচৰলৈ মিত্ৰতা কৰিবলৈ আগবাঢ়ি আহিব লাগিব কংগ্ৰেছ৷"- আজমল

Badruddin Ajmal : "ধুবুৰীত ময়েই হ'ম বাদশ্বাহ, মোৰ ওচৰলৈ মিত্ৰতা কৰিবলৈ আগবাঢ়ি আহিব লাগিব কংগ্ৰেছ৷"- আজমল

ধুবুৰীত কিয় আজমল ভূটানৰ বাদশ্বাহ হওকঃ জাকিৰ হুছেইন শিকদাৰ

ধুবুৰীত কিয় আজমল ভূটানৰ বাদশ্বাহ হওকঃ জাকিৰ হুছেইন শিকদাৰ

  • Share this:

ব্লেকমেইলিঙৰ ৰাজনীতি অব্যাহত আছে কংগ্ৰেছ আৰু AIUDFৰ ৷ এইবাৰ বদৰুদ্দিন আজমলে ক'লে, "ধুবুৰীত ময়েই হ'ম বাদশ্বাহ, মোৰ ওচৰলৈ মিত্ৰতা কৰিবলৈ আগবাঢ়ি আহিব লাগিব কংগ্ৰেছ৷"


কংগ্ৰেছ আৰু AIUDFৰ মাজত চলি আছে হাই ভল্টেজ ব্লেকমেইলিঙৰ ৰাজনীতি ৷ ২০২৪ত কংগ্ৰেছে নিজৰ হাতত কলিয়াবৰ, বৰপেটা আৰু নগাঁৱত ৰাখিবলৈ চেষ্টা অব্যাহত ৰখাৰ বিপৰীতে ধুবুৰী বদৰুদ্দিন আজমলৰ বাবে হ'ব সন্মানৰ যুঁজ ৷


২০১৯ত কংগ্ৰেছে AIUDFএ প্ৰাৰ্থী প্ৰক্ষেপ নকৰাৰ বাবে নগাঁও,কলিয়াবৰত জয় সাব্যস্ত কৰিছিল ৷ কংগ্ৰেছক এই সহায় কৰাৰ বিনিময়ত ধুবুৰীত আজমলৰ বিৰুদ্ধে কংগ্ৰেছে প্ৰক্ষেপ কৰিছিল দুৰ্বল প্ৰাৰ্থী ৷ পিছে এইবাৰ কি হ'ব?


AIUDFৰ সৈতে বুজাবুজি হ'বনে কংগ্ৰেছৰ? বিজেপিয়ে বিচাৰিছে মিত্ৰতা বা বুজাবুজি নহওক দল দুটাৰ ৷ কংগ্ৰেছৰ দখলত থকা তিনিওটা সমষ্টিতে প্ৰাৰ্থী দিয়ক AIUDFএ ৷ ঠিক তেনে এক সমীকৰণেই আগবাঢ়িছে অসমৰ ৰাজনীতিত ৷


ধুবুৰীত কংগ্ৰেছে ৰকিবুল হুছেইন, ৱাজেদ আলী চৌধুৰীৰ দৰে প্ৰাৰ্থী প্ৰক্ষেপ কৰিম বুলি কৰা ব্লেকমেইলিঙৰ পিছত আজমলেও ক'লে, "কলিয়াবৰ,নগাঁও,বৰপেটাত কংগ্ৰেছে দোকান খুলিছে৷ আমিও দোকান খুলিম ৷ মই ৰজা নহয় এইবাৰ ধুবুৰীত মই বাদশ্বাহ হ'ম ৷ ২০২৪ৰ নিৰ্বাচনত কংগ্ৰেছৰ ওচৰলৈ আমি নাযাওঁ, আমাৰ ওচৰলৈ ওপৰৰ পৰা আহিব লাগিব মানুহ ৷ আগবাঢ়ি আহিব লাগিব খোদ জিতেন্দ্ৰ সিং ৷"


একপ্ৰকাৰ আজমলে কংগ্ৰেছৰ ভৰিত নপৰোঁ বুলি স্পষ্ট কৰি মিত্ৰতাৰ বাবে কংগ্ৰেছ আজমলৰ ভৰিত পৰিব লাগিব বুলি স্পষ্ট কৰি দিলে গোৱালপাৰাত৷ নৰেন্দ্ৰ মোদীক ৰুধিবলৈ সকলোকে এক হোৱাৰো কৰিলে আহ্বান ৷ আজমলক প্ৰত্যুত্তৰ এইদৰে দিছে কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰে- "এই দেশত ৰজা বাদশ্বাহৰ দিন কেতিয়াবাই শেষ হৈছে ৷ ৰাইজৰ মনত  এতিয়া চৰ্চাত মিত্ৰতাৰ কথা ৷ দোকান খোলাৰ কথা বেপাৰীয়েহে কয়, ৰাজনৈতিক নেতাই ৰাইজৰ সেৱাহে কৰে৷ তেওঁ যে বেপাৰী সেইটো আজি প্ৰমাণ হ'ল ৷"

শেহতীয়া বাতৰি