আমি জাতিক ঠগিব নোৱাৰো, আপোনালোকৰ একো ক্ষতি হ’বলৈ নিদিও, কিয় মোক এঘৰীয়া কৰিব বিচাৰিছে : সোণোৱাল

News18 Assam | News18-Assam
Updated:December 29, 2019, 7:10 PM IST
আমি জাতিক ঠগিব নোৱাৰো, আপোনালোকৰ একো ক্ষতি হ’বলৈ নিদিও, কিয় মোক এঘৰীয়া কৰিব বিচাৰিছে : সোণোৱাল
মই আপোনালোকৰ একো ক্ষতি হ’বলৈ নিদিও, আপোনালোকৰ মাজত আছিলো আৰু আছো। আছু, AJYCP, শিল্পী সমাজ তথা ৰাইজলৈ এই আহ্বান মুখ্যমন্ত্ৰীৰ।

মই আপোনালোকৰ একো ক্ষতি হ’বলৈ নিদিও, আপোনালোকৰ মাজত আছিলো আৰু আছো। আছু, AJYCP, শিল্পী সমাজ তথা ৰাইজলৈ এই আহ্বান মুখ্যমন্ত্ৰীৰ।

  • Share this:
বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সমগ্ৰ অসম এক হোৱাৰ সময়ত এতিয়া প্ৰতিখন সভা–সমিতিত ৰাইজ পতীয়ন নিয়াৰ চেষ্টা চলাইছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল তথা বিজেপি নেতৃত্বই। আজি শুৱালকুছিৰ সভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় – কাৰ ষড়যন্ত্ৰত পৰি বিজেপিৰ কাৰ্যকৰ্তাক আক্ৰমণৰ লক্ষ্য কৰা হ’ল? বাওঁপন্থী আদৰ্শত বিশ্বাস কৰা সংগঠন আৰু কংগ্ৰেছ ইয়াৰ আঁৰত আছে। অবৈধ বিদেশীৰ ক্ষেত্ৰত জগৰীয়া কংগ্ৰেছ, বাওঁ দল।

‘বিদেশীৰ ক্ষেত্ৰত বিজেপিক দোষাৰোপ কৰাৰ অৱকাশেই নাই। বিজেপিক বিদেশীৰ ক্ষেত্ৰত কিয় সাঙোৰা হৈছে? আমাৰ তেজত বীৰ চিলাৰায়, লাচিতৰ অনুপ্ৰেৰণা আছে। আছুৰ পৰা আন্তৰিকতাৰে জানিব বিচাৰিছো যে আমি লোৱা পদক্ষেপ জাতিৰ কাৰণে নহয় নেকি?’ – শুৱালকুছিত এই মন্তব্য মুখ্যমন্ত্ৰী সোণোৱালৰ।

বিজেপিয়ে কৰা কামৰ উদ্ধৃতি দি সোণোৱালে কয় যে ৮৫৫জন শ্বহীদৰ পৰিয়ালক পাঁচ লাখকৈ দিলো। শ্বহীদ স্মৃতি উদ্যান গঢ়িবলৈ ওলাইছো, এয়া অপৰাধ নেকি আমাৰ? ভাৰত-বাংলাদেশ সীমান্ত ছীল কৰিবলৈ ওলোৱাতো অপৰাধ নেকি? আছু নেতৃত্বৰ মোৰ প্ৰতি যদি ব্যক্তিগত কিবা বিদ্বেষ আছে মই নাজানো। কিন্তু আমি কৰা কামবোৰত বেয়া পাব লগা একো নাই দেখোন!

আমি জাতিক ঠগিব নোৱাৰো, কিন্তু ভুৱা তথ্য লৈ কিয় মোক এঘৰীয়া কৰিব বিচাৰিছে? আমি কি এনে বেয়া কাম কৰিলো? ভুল তথ্য, অপ–প্ৰচাৰত ভোল গৈছে কিয়? মই আপোনালোকৰ একো ক্ষতি হ’বলৈ নিদিও, আপোনালোকৰ মাজত আছিলো আৰু আছো। আছু, AJYCP, শিল্পী সমাজ তথা ৰাইজলৈ এই আহ্বান মুখ্যমন্ত্ৰীৰ।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
Published by: Sanjay Kumar Das
First published: December 29, 2019, 7:10 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading