"মই অন্তৰ্ধান হোৱা নাছিলো, ঘৰলৈহে গৈছিলোঃ অৰ্পিতা
"মই অন্তৰ্ধান হোৱা নাছিলো, ঘৰলৈহে গৈছিলোঃ অৰ্পিতা
মৃদুপৱন নেওগৰ প্ৰেয়সী হিচাপে চৰ্চিত অৰ্পিতা কাশ্যপক আজি নগাওঁ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই জেৰা কৰে। অৱশ্যে মৃদুপৱন নেওগৰ সৈতে তেওঁৰ বিশেষ একো সম্পৰ্ক নাই বুলিহে কয় অৰ্পিতা কাশ্যপে। জেৰাৰ অন্তত সাংবাদিকে তেওঁক কিয় হঠাৎ অন্তৰ্ধান হৈছিল বুলি প্ৰশ্ন কৰাত তেওঁ কয়, "মই অন্তৰ্ধান হোৱা নাছিলো, ঘৰলৈহে গৈছিলো।"
ইপিনে মৃদুপৱন নেওগক অতি শীঘ্ৰেই গ্ৰেপ্তাৰ কৰা হ'ব বুলি মন্তব্য কৰি নগাওঁ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই কয়, 'একেসময়তে কেইবাজনো নটৱৰলালক আৰক্ষীয়ে বিচাৰিব লগা হোৱাৰ বাবে মৃদুপৱনৰ গ্ৰেপ্তাৰত কিছু পলম হৈছে। কিন্তু মৃদুপৱন যে আৰক্ষীৰ জালত পৰিব সেয়াও নিশ্চিত।' আনহাতে মৃদুপৱন নেওগক ৰাজনৈতিক সুৰক্ষা দিয়া হৈছে নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত আৰক্ষী অধীক্ষকগৰাকীয়ে ইয়াক নস্যাৎ কৰি কয়, 'ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এনেধৰণৰ প্ৰৱঞ্চকক কঠোৰ ব্যৱস্থা লোৱাৰ বাবে অসম আৰক্ষীক নিৰ্দেশ দিছে।'
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|