মুখ্যপৃষ্ঠা »খবৰ »অসম »'মোক গাঁত খান্দি পুতি থওক, কিন্তু মই একো নকও'-কিয় ক'লে SI জোনমণি ৰাভাই?

'মোক গাঁত খান্দি পুতি থওক, কিন্তু মই একো নকও'-কিয় ক'লে SI জোনমণি ৰাভাই?

নগাঁও সদৰ আৰক্ষী থানাত অসামৰিক পোছাকত উপস্থিত হ'ল জোনমণি ৰাভা।

নগাঁও সদৰ আৰক্ষী থানাত অসামৰিক পোছাকত উপস্থিত হ'ল জোনমণি ৰাভা।

  • Share this:
‘‘মোক গাঁত খান্দি পুতি থওক ৷ নকও মই একো কথা ৷ মোৰ ওপৰত একো গোচৰ নাই ৷ মাজুলীৰ গোচৰৰ সম্বন্ধে তদন্তৰ পিছতহে সকলো গম পাব।’’ দেওবাৰে নগাঁও সদৰ আৰক্ষী থানাত উপস্থিত হৈ এই মন্তব্য কৰে SI জোনমণি ৰাভাই ৷

উল্লেখ্য যে, আজি সাধাৰণ পোচাকত নগাঁও সদৰ আৰক্ষী থানাত উপস্থিত হয় SI জোনমণি ৰাভা। কিন্তু সংবাদ মাধ্যমৰ কেমেৰা দেখি সেই স্থানৰ পৰা আঁতৰি যায় SI জোনমণি ৰাভা। নিজৰ হ’বলগীয়া স্বামী ৰাণা পগাগক গ্ৰেপ্তাৰ কৰাৰ পিছতেই ৰাণা পগাগৰ সৈতে জোনমণি ৰাভাও প্ৰৱঞ্চনাত জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছিল মাজুলীৰ কেইবাগৰাকীও ব্যক্তিয়ে।

ইয়াৰ পিছতেই নগাঁৱত কৰ্মৰত আৰক্ষী উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ বিৰুদ্ধে মাজুলী আৰক্ষী থানাত গোচৰ ৰুজু  হৈছিল ৷ তাৰ পাছৰ পৰাই ছুটিত আছে বিতৰ্কিত আৰক্ষী বিষয়াগৰাকী। কিন্তু আজি হঠাৎ অসামৰিক পোছাকত উপস্থিত হয় এছ আই জোনমণি ৰাভা।

অৱশ্যে সাংবাদিকৰ কেমেৰা দেখি আৰক্ষী থানাৰ পৰা আঁতৰি যায় আৰক্ষী বিষয়া জোনমণি ৰাভা। সাংবাদিকে খেদি খেদি মহিলা আৰক্ষী বিষয়াগৰাকীক মাজুলীৰ গোচৰটোৰ সন্দৰ্ভত প্ৰশ্ন কৰাত বিষয়াগৰাকীয়ে কয়, "মোক গাঁত খান্দি পুতি থওক, কিন্তু মই একো নকও।" এইদৰে সাংবাদিকক উত্তৰ দি নিজৰ ব্যক্তিগত বাহনৰে আঁতৰি যায় বিষয়াগৰাকী।

শেহতীয়া বাতৰি