এই সংকটৰ সময়ত মই বাঘজানৰ ৰাইজৰ কাষত আছো, ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে

News18 Assam | News18-Assam
Updated:June 18, 2020, 6:39 PM IST
এই সংকটৰ সময়ত মই বাঘজানৰ ৰাইজৰ কাষত আছো, ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে
বাঘজানৰ শেহতীয়া পৰিস্থিতিৰ সবিশেষ প্ৰধানমন্ত্ৰীক অৱগত কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

বাঘজানৰ শেহতীয়া পৰিস্থিতিৰ সবিশেষ প্ৰধানমন্ত্ৰীক অৱগত কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

  • Share this:
এতিয়াও হোৱা নাই বাঘজানৰ স্পৰ্শকাতৰ সমস্যাৰ সমাধান৷ ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ বৈঠকত বাঘজানৰ পৰিস্থিতিক লৈ গুৰুত্বপূৰ্ণ আলোচনা। বৈঠকত অংশ ল'লে কেন্দ্ৰীয় গৃহমন্ত্ৰী, কৃষি মন্ত্ৰী, পেট্ৰ'লিয়াম মন্ত্ৰী, পৰিৱেশ আৰু বন মন্ত্ৰী, ড’নাৰ মন্ত্ৰীয়ে। বাঘজানৰ শেহতীয়া পৰিস্থিতিৰ সবিশেষ প্ৰধানমন্ত্ৰীক অৱগত কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

"বাঘজানৰ ৰাইজৰ সাহায্য আৰু পুনৰ সংস্থাপনৰ বাবে সকলো ধৰণৰ পদক্ষেপ আগবঢ়াব ভাৰত চৰকাৰে। এই সংকটৰ সময়ত মই বাঘজানৰ ৰাইজৰ কাষত আছো’  – ক’লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

তৈলখাদ আৰু গেছকূপত সংঘটিত হ'ব পৰা দুৰ্ঘটনাৰ মোকাবিলা কৰিব পৰাকৈ বিশেষজ্ঞ সৃষ্টি কৰাৰ বাবে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পেট্ৰ'লিয়াম টেকন’লজী বিভাগক উন্নীতকৰণৰ ব্যৱস্থা কৰিবলৈ প্ৰধানমন্ত্ৰীক অনুৰোধ জনালে মুখ্যমন্ত্ৰী সোণোৱালে।
First published: June 18, 2020, 6:39 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading