প্ৰতিখন বিহু মঞ্চতে নতুন ৰূপত জুবিন গাৰ্গ। জুবিন গাৰ্গৰ প্ৰতিখন অনুষ্ঠানতে দৰ্শকৰ পাৰ ভঙা উচাহ।
প্ৰতিখন বিহু মঞ্চতে নতুন ৰূপত জুবিন গাৰ্গ। জুবিন গাৰ্গৰ প্ৰতিখন অনুষ্ঠানতে দৰ্শকৰ পাৰ ভঙা উচাহ।
প্ৰতিখন বিহু মঞ্চতে নতুন ৰূপত জুবিন গাৰ্গ। জুবিন গাৰ্গৰ প্ৰতিখন অনুষ্ঠানতে দৰ্শকৰ পাৰ ভঙা উচাহ। ন-পুৰণি গীতেৰে এইবাৰ মঞ্চত জ্বিলিকি উঠিছে জনপ্ৰিয় সংগীতশিল্পীগৰাকী। পিছে জুবিনে অহা বছৰৰ পৰা বিহু মঞ্চত গীত পৰিৱেশন কৰিবনে? কিয় শনিবাৰে বিহু মঞ্চত বিহু প্ৰগেম নকৰাৰ হুংকাৰ দিলে প্ৰিয় শিল্পীগৰাকীয়ে?
এইবাৰ জুবিন গাৰ্গে নিশা ১১ বজাৰ পূৰ্বেই শিল্পীৰ বাবে মঞ্চ এৰি দিবলৈ আহ্বান জনাই আহিছে আহ্বায়ক কমিটীসমূহক। কিন্তু বিভিন্ন হেঁচা বা কাৰ্যসূচীৰ বাবে সেয়া কাৰ্যত ৰূপায়ণ হোৱা নাই। ফলত শনিবাৰে বিহু মঞ্চৰ পৰাই জুবিনৰ হুংকাৰঃ 'অহাবছৰ যদি মোক এনেকৈ দেৰিকৈ মঞ্চত উঠালে মই প্ৰগ্ৰেমে নকৰো। বেলেগ কাম আছে বেলেগ কাম কৰিবলৈ মন আছে। গোটেই জীৱনতো বিহু প্ৰগেম নহয় ।'
ইফালে অনুষ্ঠানৰ মাজতে ধেমালীৰ চলেৰে জুবিনে কয় যে, 'সকলোৱে গান গাব লাগিব। আজিকালি মই গান নাগাও আপোনালোকে গাব লাগিব। ড° বেজবৰুৱা আহি আছে যদি নাচায় ঘৰত গৈ পিতিম। চিনেমা মোবাইলত নাচাব হ'লত চাব । মোৰ চিনেমা অহাবছৰত পাব। আমাৰ মিউজিছিয়ান বৰ বদমাছ,কেতিয়াবা ভাবো এৰি দিও। ইহঁত আচলতে গুণ্ডা।কদম গছ আৰু ফটো দিছে অনুৰাগীয়ে।
মিৰ্জাত অনুষ্ঠান পৰিবেশন কৰাৰ মাজতে জুবিন গাৰ্গে লগতে কয় যে-'মোৰ প্ৰিয় ঠাই চানডুবি। মই ডেৰমাহ আছো ইয়াত। মই ইয়াৰ লোকেল । মিৰ্জাক ভাল পাও, ভালকে ৰাখক,বহু আগবাঢ়ক। মিৰ্জাত আজি আমাৰ শেষ প্ৰগ্ৰেম আছিল। কিন্তু হঠাৎ ক'ৰপৰা কাইলৈ আকৌ লখৰাত প্ৰগেম এটা ওলালে নাজানো আৰু ইহতে জানে। মোৰ প্ৰগেম কৰিবলৈ একেবাৰে মন নাই। মই ভাগৰিছো।'
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|