• Home
  • »
  • News
  • »
  • assam
  • »
  • 'মই নিকৃষ্ট ষড়যন্ত্ৰৰ বলি হলো, জে'লৰ ভিতৰতো মই জাতিৰ বাবে কাম কৰি যাম'- জে'ললৈ যোৱাৰ পথ প্ৰশস্ত হোৱাৰ পিছত উদ্ভৱ ভৰালীৰ প্ৰতিক্ৰিয়া...

'মই নিকৃষ্ট ষড়যন্ত্ৰৰ বলি হলো, জে'লৰ ভিতৰতো মই জাতিৰ বাবে কাম কৰি যাম'- জে'ললৈ যোৱাৰ পথ প্ৰশস্ত হোৱাৰ পিছত উদ্ভৱ ভৰালীৰ প্ৰতিক্ৰিয়া...

উদ্ধৱ ভৰালীক গ্ৰেপ্তাৰৰ পথ প্ৰশস্ত।  বৃহস্পতিবাৰে বিশিষ্ট উদ্ভাৱকগৰাকীৰ জামিন আবেদন খাৰিজ কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে।

উদ্ধৱ ভৰালীক গ্ৰেপ্তাৰৰ পথ প্ৰশস্ত।  বৃহস্পতিবাৰে বিশিষ্ট উদ্ভাৱকগৰাকীৰ জামিন আবেদন খাৰিজ কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে।

উদ্ধৱ ভৰালীক গ্ৰেপ্তাৰৰ পথ প্ৰশস্ত।  বৃহস্পতিবাৰে বিশিষ্ট উদ্ভাৱকগৰাকীৰ জামিন আবেদন খাৰিজ কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে।

  • Share this:
উদ্ধৱ ভৰালীক গ্ৰেপ্তাৰৰ পথ প্ৰশস্ত।  বৃহস্পতিবাৰে বিশিষ্ট উদ্ভাৱকগৰাকীৰ জামিন আবেদন খাৰিজ কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে। কেচ ডায়েৰী চোৱাৰ পিছত নাকচ কৰে উদ্ধৱ ভৰালীৰ জামিন আবেদন।

ভুক্তভোগী কিশোৰী গৰাকীৰ 'audio-visual statement' লৈছিল লখিমপুৰ জিলা আইনসেৱা প্ৰাধিকাৰীয়ে ৷ আৰু সেই 'statement' চোৱাৰ পিছতে জিলা মুখ্য ন্যায়ধীশে আৰক্ষীক দিছিল পদ্মশ্ৰী ড° উদ্ধৱ কুমাৰ ভৰালীৰ গ্ৰেপ্তাৰৰ নিৰ্দেশ ৷

পূৰ্বতে উচ্চ ন্যায়ালয়ে অন্তৰ্ৱৰ্তীকালিন জামিন মঞ্জুৰ কৰিছিল উদ্ধৱ ভৰালীৰ। সেই জামিনৰ ম্যাদ শেষ হোৱাৰ পিছত পুনৰ আৱেদন কৰিছিল জামিনৰ বাবে। কিন্তু  কিশোৰীগৰাৰীৰ ভাষ্য শুনাৰ পিছতে আদালতে নাকচ কৰে জামিন আবেদন।

উল্লেখ্য যে, ভৰালী বিৰুদ্ধে এগৰাকী তুলি লোৱা ১৩ বছৰীয়া কিশোৰীক যৌন নিৰ্যাতনৰ চলোৱাৰ অভিযোগত গোচৰ ৰুজু হৈছিল। জামিন আবেদন নাকচ হোৱাত আৰু কিছুসময়ৰ পিছতে লখিমপুৰ জিলা মুখ্য ন্যায়ধীশৰ ওচৰত আত্মসমৰ্পণ কৰিব উদ্ধৱ কুমাৰ ভৰালীয়ে৷

ইফালে এই সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ভৰালীয়ে কৈছে যে,'মই নিকৃষ্ট ষড়যন্ত্ৰৰ বলি হ'লো। মই আইনৰ প্ৰতি বিশ্বাস ৰাখি আত্মসমৰ্পণ কৰিম। ন্যায়িক জিম্মাত থাকি জাতিৰ স্বাৰ্থত মই কাম কৰি যাম। লগতে নতুন উদ্ভাৱনৰ চিন্তাৰে নৱ প্ৰজন্মৰ বাবে এখন কিতাপ লিখাৰ কাম আৰম্ভ কৰিম। জে'লত থকা অৱস্থাটো মই আবিষ্কাৰৰ বাবে কাম কৰি যাম।'

আনহাতে উদ্ধৱ কুমাৰ ভৰালীৰ তত্বাৱধানত থকা আশ্ৰয়গৃহ, সৰ্বহাৰাক অন্নদান আৰু আশ্ৰয়হীন বৃদ্ধ-বৃদ্ধাক দিয়া নিয়মীয়া বিশেষ পেন্সন চলি থাকিব বুলি উল্লেখ কৰিছে উদ্ধৱ কুমাৰ ভৰালীয়ে ৷
Published by:Himangshu Bhuyan
First published: