‘মই বিয়াত বহিব নোৱাৰিম, মোৰ বয়ফ্ৰেণ্ড আছে, সি মৰি থাকিব’- বিয়াৰ আগদিনা বোকাখাতৰ দৰালৈ গোলাঘাটৰ কইনাৰ ফোন

News18 Assam | News18-Assam
Updated:September 16, 2020, 8:13 PM IST
‘মই বিয়াত বহিব নোৱাৰিম, মোৰ বয়ফ্ৰেণ্ড আছে, সি মৰি থাকিব’- বিয়াৰ আগদিনা বোকাখাতৰ দৰালৈ গোলাঘাটৰ কইনাৰ ফোন
Source-Google

এতিয়া উপায়হীন হৈ দৰাঘৰে গালিকে পাৰিলে কইনাঘৰক!

  • News18 Assam
  • Last Updated: September 16, 2020, 8:13 PM IST
  • Share this:
কোৰোণাৰ ভয়াৱহতাৰ মাজতে চলিছিল বিয়াখনৰ প্ৰস্তুতি। বিয়াবুলি দৰাঘৰ আৰু কইনাঘৰলৈ আহিছিল দুই এজন সম্বন্ধীয় লোকো। আয়োজনো প্ৰায় সম্পূৰ্ণ হৈ উঠিছিল দুয়োখন ঘৰতে। তেনে সময়তে কইনাৰ ফোন কৰিলে দৰালৈ। আৰু তাপৰ পিছতে হৈ পৰিল সকলো খেলিমেলি!

বিয়াৰ আগদিনা কইনাৰ মনত পৰিল নিজৰ প্ৰেমিকলৈ! ফোন কৰিলে দৰালৈ- ‘মোক বেয়া নাপাব। মই আপোনাৰ সৈতে বিয়াত বহিব নোৱাৰিম। মোৰ বয়ফ্ৰেণ্ড আছে। আপোনাৰ লগত বিয়াত বহিলে সি মৰি  থাকিব।’

দৰা বোকাখাতৰ বিমান বৰা আৰু কইনা গোলাঘাট বেতীয়নিৰ জোনমনি বৰা। কিন্তু বিয়াৰ আগদিনা অহা কইনা জোনমণিৰ ফোন ক’লে নতুন কৈ সংসাৰ পতাৰ সপোন দেখা বিমানৰ আশাত ঢালি দিলে চেঁচাপানী।

বিয়া বুলি ল’ক ডাউনৰ মাজতে ভোজ ভাতৰ আয়োজন কৰা হৈছিল। চোতালত ক’লা পঠা ছাগলীও বান্ধিছিল বিয়াৰ দিনা সকলোকে খোৱাবলৈ। সকলো যোগাৰ হৈ যোৱাৰ পাছত কইনাৰ বয়ফ্ৰেণ্ডে খেলিমেলি খন লগালে! এতিয়া উপায়হীন হৈ দৰাঘৰে গালিকে পাৰিলে কইনাঘৰক।
Published by: Himangshu Bhuyan
First published: September 16, 2020, 8:13 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading