নব্বৈ শতাংশ বিষয়বস্তুতে শাসক-বিৰোধী বিধায়কৰ সহমত আছে, দহ শতাংশ বিষয়তহে মত বিৰোধ আছে। প্ৰথমে সহমত থকা বিষয়বিলাকত একেলগে কাম কৰিমঃ মুখ্যমন্ত্ৰী
নব্বৈ শতাংশ বিষয়বস্তুতে শাসক-বিৰোধী বিধায়কৰ সহমত আছে, দহ শতাংশ বিষয়তহে মত বিৰোধ আছে। প্ৰথমে সহমত থকা বিষয়বিলাকত একেলগে কাম কৰিমঃ মুখ্যমন্ত্ৰী
'মই মোৰ ভৰিৰ তলৰ মাটি এৰি নিদিওঁ। আৰু বিৰোধীকো কম আপোনালোকে ভৰিৰ তলৰ মাটি এৰি নিদিব ৷ কিছুমান বিষয়ত আমাৰ মত নিমিলে। কিন্তু যিবোৰত মত মিলে সেয়া কাম আমি সহযোগিতাৰ মাজেৰে সমাধান কৰিম। মই মাদ্ৰাছা খুলিবলৈ নিদিও ৷ এয়া স্পষ্ট কথা।'- সোমবাৰে পঞ্চদশ অসম বিধানসভাৰ প্ৰথম অধিৱেশনৰ অন্তিম দিনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাষণ প্ৰসংগত কৰে এই মন্তব্য।
ইফালে গো হত্য়া ৰোধৰ বাবেও মন্ত্ৰী বিশ্ব বিশ্ব শৰ্মাই কেতবোৰ পদক্ষেপ অনাগত দিনত ল'ব বুলি সদৰি কৰে সদনৰ মজিয়াত। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, 'গো আমাৰ মাতৃ ৷ ভাৰতীয় সংবিধানৰ অধীনত গো হত্যা ৰোধ কৰাৰ বাবে পদক্ষেপ অব্যাহত থাকিব৷ কিছুমান ঠাইত গো মাংস বিক্ৰী নকৰিলেও হয়। ই একেবাৰে স্পৰ্শকাতৰ বিষয়।'
মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে,' নব্বৈ শতাংশ বিষয়বস্তুতে শাসক-বিৰোধী বিধায়কৰ সহমত আছে, দহ শতাংশ বিষয়তহে মত বিৰোধ আছে। প্ৰথমে সহমত থকা বিষয়বিলাকত একেলগে কাম কৰিম। এইখন সদনে নতুন অসম নিৰ্মাণ কৰিব পাৰিব। যেতিয়া এআইইউডিএফে ক’ব, কোনেও সত্ৰৰ মাটি দখল কৰিব নালাগে তেতিয়া নতুন সমাজৰ সৃষ্টি হ’ব ৷ আমি সংকল্প লৈ আহিছো বেয়া কাম নকৰো৷ বেয়া কাম হ’লে আপোনালোকে দেখুৱাই দিব৷'
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|