দিল্লীৰ এইমছত(AIMS)ত চিকিৎসা গ্ৰহণ কৰি শুকুৰবাৰে নিশা বিমান যোগে গুৱাহাটীত উপস্থিত হয় প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত।
দিল্লীৰ এইমছত(AIMS)ত চিকিৎসা গ্ৰহণ কৰি শুকুৰবাৰে নিশা বিমান যোগে গুৱাহাটীত উপস্থিত হয় প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত।
দিল্লীৰ এইমছত(AIMS)ত চিকিৎসা গ্ৰহণ কৰি শুকুৰবাৰে নিশা বিমান যোগে গুৱাহাটীত উপস্থিত হয় প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত। বৰঝাৰ বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগেই সমৰ্থকে আদৰণি জনাই জিন্দাবাদ ধব্বনি দিয়ে প্ৰফুল্ল কুমাৰ মহন্তক ।
প্ৰাৰ্থীত্বৰ পৰা বঞ্চিত হোৱা সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত প্ৰফুল্ল কুমাৰ মহন্তই নাগৰিকত্ব সংশোধনী আইন বিৰোধী স্থিতি গ্ৰহণ কৰা দলৰ লগত তেওঁ থকাৰ কথা উল্লেখ কৰে। অসুস্থতাৰ বাবে মহন্তই বিশেষ কথা নক'লে যদিও তেওঁৰ পত্নী জয়শ্ৰী গোস্বামী মহন্তই অগপক তীব্ৰ সমলোচনা কৰি প্ৰাৰ্থীত্ব বিচাৰি দিল্লীলৈ যোৱাটো লজ্জাজনক কথা বুলি মন্তব্য কৰে ।
লগতে টিকট বঞ্চিত হোৱাৰ পিছত প্ৰফুল্ল কুমাৰ মহন্তই আলোচনাৰ মাজেৰে স্থিতি গ্ৰহণ কৰিব বুলিও জানিবলৈ দিয়ে জয়শ্ৰী গোস্বামী মহন্তই ।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|