• Home
  • »
  • News
  • »
  • assam
  • »
  • বিপদত নেকি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা? হায়দৰাবাদ আৰক্ষীয়ে মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে ৰুজু কৰা গোচৰক লৈ চৰ্চা...

বিপদত নেকি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা? হায়দৰাবাদ আৰক্ষীয়ে মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে ৰুজু কৰা গোচৰক লৈ চৰ্চা...

 তেলেংগানা প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰেৱান্থ ৰেড্ডীৰ এজাহাৰৰ ভিত্তিত গোচৰ ৰুজু

তেলেংগানা প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰেৱান্থ ৰেড্ডীৰ এজাহাৰৰ ভিত্তিত গোচৰ ৰুজু

তেলেংগানা প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰেৱান্থ ৰেড্ডীৰ এজাহাৰৰ ভিত্তিত গোচৰ ৰুজু

  • Share this:

উত্তৰাখণ্ডত ৰাহুল গান্ধীক লৈ কৰা মন্তব্যক লৈ দেশজুৰি চৰ্চাৰ মাজলৈ অহা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে পঞ্জীয়ন হৈছে গোচৰ। হায়দৰাবাদ আৰক্ষীয়ে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। তেলেংগানা প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰেৱান্থ ৰেড্ডীয়ে (TPCC president Revanth Reddy) এজাহাৰ দাখিল কৰাৰ পিছত ভাৰতীয় দণ্ডবিধিৰ ৫০৪ আৰু ৫০৫(২)নং ধাৰাৰ অধীনত গোচৰ ৰুজু কৰে হায়দৰাবাদ আৰক্ষীয়ে।


সোমবাৰে জুবিলী হিলছ আৰক্ষী থানাত (Jubilee Hills police station of Hyderabad) মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্বৰ বিৰুদ্ধে অভিযোগ আনি এজাহাৰ দাখিল কৰিছিল ৰেড্ডীয়ে। তেওঁ গোচৰ ৰুজু কৰি মুখ্যমন্ত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰাৰো দাবী জনাইছিল। এই সন্দৰ্ভত আজি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো চৰ্চা চলা দেখা গৈছে।


কি আছিল ঘটনাটো?


উল্লেখ্য, ১১ ফেব্ৰুৱাৰীত উত্তৰাখণ্ডত এখন নিৰ্বাচনী সভাত ভাষণ দি ড০ হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma) ৰাহুল গান্ধীয়ে ভাৰতে ২০১৬ চনৰ ছেপ্টেম্বৰ মাহত কৰা ছাৰ্জিকেল ষ্ট্ৰাইকৰ প্ৰমাণ বিচৰা সন্দৰ্ভত মত প্ৰকাশ কৰিছিল। তেওঁ ৰাহুল গান্ধীয়ে প্ৰমাণ বিচৰাটো সেনানায়ক বিপিন ৰাৱাটৰ প্ৰতি অপমানজনক বুলি উল্লেখ কৰি প্ৰকাশ কৰিছিল যে বিজেপিয়ে কেতিয়াবা তেওঁক "প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ পুত্ৰ হয়নে" বুলি প্ৰমাণ দাবী কৰিছিল নেকি?


এই কথাক লৈ দেশৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত তীব্ৰ চৰ্চা হোৱা পৰিলক্ষিত হৈছিল আৰু বিশেষকৈ তেলেংগানা কংগ্ৰেছৰ ভালেকেইগৰাকী নেতাই ইয়াকে লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। কংগ্ৰেছৰ মতে, মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী আৰু ছোনিয়া গান্ধীৰ প্ৰতি অপমান। সেয়ে তেওঁৰ ওপৰত এজাহাৰ দাখিল কৰা হয়।


উল্লেখ্য, মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাহুল গান্ধীক লৈ গুৱাহাটীতো সমালোচনামুখৰ হৈছিল। ৰাহুল গান্ধীয়ে যোৱা ১০ ফেব্ৰুৱাৰীত 'ভাৰতবৰ্ষৰ শক্তি' বুলি সম্বোধন কৰি এটা পোষ্ট শ্বেয়াৰ কৰি কাশ্মীৰৰ পৰা কেৰালা আৰু গুজৰাটৰ পৰা পশ্চিমবংগৰ কথা উল্লেখ কৰিছিল। এই প্ৰসংগত উত্তৰ-পূবৰ নাম নোলোৱাত মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁক আধুনিক জিন্না ৰূপে অভিহিত কৰিছিল। ইয়াক লৈও কংগ্ৰেছে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। আনহাতে অসমত ৰাহুল গান্ধীৰ এই টুইটক লৈ উত্তৰ-পূবক বিচ্ছিন্ন কৰাৰ যড়যন্ত্ৰৰ অভিযোগ তুলি ৰাহুল গান্ধীৰ ( Rahul Gandhi) বিৰুদ্ধে বহুকেইখন এজাহাৰ দাখিল কৰা হৈছিল।

Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি