খড়্গটো ঘৰৰ ভিতৰত এটা বেগৰ ভিতৰত লুকুৱাই থোৱা অৱস্থাত আৰক্ষীৰ অভিযানকাৰী দলে উদ্ধাৰ কৰে
খড়্গটো ঘৰৰ ভিতৰত এটা বেগৰ ভিতৰত লুকুৱাই থোৱা অৱস্থাত আৰক্ষীৰ অভিযানকাৰী দলে উদ্ধাৰ কৰে
বোকাখাতত গঁড়ৰ খড়্গসহ আটক পতি–পত্নী। দেওবাৰে নিশা আটক উৰুকা পেগু আৰু তেওঁৰ পত্নীক। তেওঁলোকৰ পৰা এটা গঁড়ৰ খৰ্গ উদ্ধাৰ কৰিছে আৰক্ষীৰ অভিযানকাৰী দলে৷ সোমবাৰে গহপুৰৰ এজন ব্যক্তিয়ে বোকাখাতৰ ৩নং দ-গাঁৱৰ উৰুকা পেগুৰ পত্নীৰ হাতত গঁড় খড়্গটো বিক্ৰীৰ বাবে দি থৈ যোৱা বুলি স্বীকাৰ কৰিছে মহিলাগৰাকীয়ে৷
খড়্গটো ঘৰৰ ভিতৰত এটা বেগৰ ভিতৰত লুকুৱাই থোৱা অৱস্থাত আৰক্ষীৰ অভিযানকাৰী দলে উদ্ধাৰ কৰে ৷ এই সংক্ৰান্তত বোকাখাত আৰক্ষীৰ অভিযান অব্যাহত আছে৷ ইতিমধ্যে বোকাখাত আৰক্ষীয়ে বন সুৰক্ষা আইনৰ অধীনত পতি-পত্নীক কাজিৰঙাৰ বন বিভাগৰ হাতত চমজাই দিয়ে৷ ফৰেনছিক পৰীক্ষাৰ পিছতহে নিশ্চিত হ’ব খড়্গটো আচল নে নকল৷ দেওবাৰেও বোকাখাত আৰক্ষীয়ে ১৭ ৰাউণ্ড সক্ৰিয় গুলীসহ এটা গঁড় চিকাৰীক গ্ৰেপ্তাৰ কৰিছিল৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|