ছমাহ পূৰ্বে আবদ্ধ হৈছিল বিবাহপাশত, ধুবুৰীত ৰহস্যজনক অৱস্থাত উদ্ধাৰ স্বামী–স্ত্ৰীৰ মৃতদেহ

News18 Assam | News18-Assam
Updated:May 25, 2020, 5:56 PM IST
ছমাহ পূৰ্বে আবদ্ধ হৈছিল বিবাহপাশত, ধুবুৰীত ৰহস্যজনক অৱস্থাত উদ্ধাৰ স্বামী–স্ত্ৰীৰ মৃতদেহ
মাত্ৰ ছমাহ পূৰ্বে বিবাহ সম্পন্ন হোৱা দম্পতীহালৰ মৃত্যুত অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য।

মাত্ৰ ছমাহ পূৰ্বে বিবাহ সম্পন্ন হোৱা দম্পতীহালৰ মৃত্যুত অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য।

  • Share this:
ঈদৰ পুৱাই  ধুবুৰী জিলাৰ গৌৰীপুৰ থানাৰ অন্তৰ্গত বেগুনতলী গাঁৱত সংঘটিত হ’ল চাঞ্চল্যকৰ ঘটনা। গাঁওখনৰ খেৱাৰপাৰ অঞ্চলত উদ্ধাৰ স্বামী–স্ত্ৰীৰ মৃতদেহ। ৰহস্যজনকভাৱে শোৱাপাটীত স্ত্ৰীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ বিপৰীতে স্বামীৰ মৃতদেহ উদ্ধাৰ হয় চিপ লোৱা অৱস্থাত।

মাত্ৰ ছমাহ পূৰ্বে বিবাহ সম্পন্ন হোৱা দম্পতীহালৰ মৃত্যুত অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য। উৎসৱৰ দিনত উক্ত ঘটনাক কেন্দ্ৰ কৰি পৰিয়ালৰ লগতে  স্থানীয় ৰাইজ হতচকিত হৈ পৰিছে।

ৰাইজে খবৰ দিয়াত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। স্থানীয় লোকৰ সন্দেহ, লকডাউনৰ ফলত ঈদৰ বজাৰৰ বাবে টকা হাতত নথকাত  স্বামী–স্ত্ৰীৰ মাজত হোৱা কাজিয়াৰ পৰিণতিতে এই ঘটনা সংঘটিত হ’ব পাৰে। আৰক্ষীৰ তদন্ত আৰু মৰণোত্তৰ পৰীক্ষাৰ পিছতহে প্ৰকৃত ৰহস্য উদ্ঘাটন হ’ব।
First published: May 25, 2020, 5:56 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি