কন্যা সন্তান জন্ম দিয়াই হ’ল অপৰাধ। স্বামীয়ে ঘৰৰ পৰা বহিষ্কাৰ কৰিলে পত্নীক। এই ঘটনা সংঘটিত হৈছে হাইলাকান্দি জিলাত। ২০১৩ চনত হাইলাকান্দি জিলাৰ টেমপুৰ গাঁৱৰ ঝুমা দাস নামৰ এগৰাকী মহিলাৰ বিয়া হৈছিল জিলাখনৰে উত্তৰ নাৰায়ণপুৰ গাঁৱৰ ৰিংকু দাসৰ সৈতে। বিয়াৰ এবছৰ পিছত ঝুমাই জন্ম দিছিল এগৰাকী কন্যা সন্তান। তেতিয়ালৈকে সকলো ঠিকেই আছিলে।
কিন্তু দুবছৰ পিছতে ঝুমাই দ্বিতীয়বাৰলৈ এগৰাকী কন্যা সন্তানৰ জন্ম দিয়াৰ পিছৰে পৰা স্বামী ৰিংকু দাসে ঝুমাৰ ওপৰত চলাই অত্যাচাৰ। আনকি সকলো সীমা চেৰাই দুয়োগৰাকী কন্যাসহ পত্নী ঝুমাক ঘৰৰ পৰাই উলিয়াই দিয়ে স্বামী ৰিংকুৱে। আৰু কেইদিনমান পিছতে অন্য এগৰাকী মহিলাৰ সৈতে বিবাহ পাশত আবদ্ধ হয় ৰিংকু। এতিয়া দুই কনমানি কন্যাক বুকুত বান্ধি ন্যায়ৰ যুঁজত নামিছে ঝুমা।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : October 03, 2020, 11:57 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।