নুমলীগড়ত মাতাল স্বামীয়ে ওৰে নিশা বোকাত পুতি থলে পত্নীক

News18 Assam | News18-Assam
Updated:July 31, 2020, 4:33 PM IST
নুমলীগড়ত মাতাল স্বামীয়ে ওৰে নিশা বোকাত পুতি থলে পত্নীক
নুমলীগড়ত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা

নুমলীগড়ত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা

  • Share this:
নুমলীগড়ত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। স্বামীয়ে  জীয়াই জীয়াই বোকাত ওৰে নিশা পুতি থলে নিজ পত্নীক। স্থানীয় লোকে পোৱা সংকটজনক অৱস্থাত উদ্ধাৰ কৰে মহিলাগৰাকীক। ওৰে নিশা বোকাত পুতি থোৱাৰ পিছত এতিয়া মৃত্যুৰে যুঁজিছে নুমলীগড়ৰ পাৰ্বতী পুৰৰ মহিলাগৰাকীয়ে।

শুকুৰবাৰে পুৱা স্থানীয় একাংশ লোকে মহিলাগৰাকীক জীৱন্তে উদ্ধাৰ কৰি চিকিত্‍সালয়লৈ লৈ যায়। উল্লেখ যোগ্য যে, সুৰাপান কৰি স্বামীয়ে প্ৰায়ে শাৰীৰিক নিৰ্যাতন চলাইছিল পত্নীৰ ওপৰত। বৃহস্পতিবাৰে নিশা কাজিয়া লাগি পত্নীক বেয়াকৈ প্ৰহাৰ কৰে স্বামী মদন তাঁতীয়ে। আনকি ঘৰৰ পৰা উলিয়াই আনি স্বামীয়ে কাষৰে দৈগ্ৰোঙ নদীৰ বোকাত পুতি থৈ আহে পত্নীক।

পুৱা বোকাত উলংগ অৱস্থাত পুতপুতি তাঁতী নামৰ মহিলাগৰাকীক প্ৰত্যক্ষ কৰি একাংশ লোকে উদ্ধাৰ কৰি আৰক্ষী জনাই চিকিৎসাৰ বাবে গোলাঘাট কুশল কোঁৱৰ অসমাৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত  এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে। মহিলা গৰাকীৰ স্বামী মদন তাঁতী বৰ্তমান পলাতক অৱস্থাত আছে।
Published by: Himangshu Bhuyan
First published: July 31, 2020, 4:33 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading