জাগীৰোড আৰক্ষীৰ জালত পৰিল পত্নীক ব্লেডেৰে ক্ষতবিক্ষত কৰা পাষাণ স্বামী মজিবুৰ ৰহমান ৷ পলাতক হৈ থকা পাষাণ স্বামী মজিবুৰক দেওবাৰে নিশা আটক কৰিবলৈ সক্ষম হয় জাগীৰোড আৰক্ষীয়ে ৷
উল্লেখ্য যে, বিগত ১৫ মাৰ্চত এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছিল শিলভঙাত ৷ মাত্ৰ তিনিমাহ পূৰ্বে সামাজিকভাৱে বিবাহ কৰোৱা পত্নীক কোঠাত আবদ্ধ কৰি ব্লেডেৰে উপৰ্যুপৰি আঘাত কৰিছিল স্বামী মজিবুৰ ৰহমানে ৷
এই কাৰ্যত সহায় কৰিছিল শাহু মজিদা খাতুনে ৷ যাৰ ফলত পত্নীৰ দেহত পৰিছিল ৭১ টাকৈ চিলাই ৷ যৌতুকৰ বাবেই ইতিপূৰ্বে বোৱাৰীগৰাকীক শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলোৱাৰ অভিযোগ উত্থাপন কৰিছিল পৰিয়ালৰ লোকে ।
অৱশেষত জাগীৰোড আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় পলাতক হৈ থকা পাষাণ স্বামী মজিবুৰ ৰহমানক ৷ অৱশ্যে এতিয়াও পলাতক হৈ আছে বোৱাৰীগৰাকীৰ শাহু মজিদা খাতুন আৰু শহুৰ জাহেদ আলী ৷
সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে বুলি জনাইছে জাগীৰোড আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত পৰিদৰ্শক মুন প্ৰকাশ তিৱাৰীয়ে ৷
Published by: Subham Goswami
FIRST PUBLISHED : March 20, 2023, 14:44 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।