মুখ্যপৃষ্ঠা »খবৰ »অসম »HOJAI : হোজাইত পত্নীক  পাৰ্লাৰত বহাই অন্তৰ্ধান স্বামী, প্ৰতাৰক স্বামীক বিচাৰি পত্নীৰ হাহাকাৰ

HOJAI : হোজাইত পত্নীক  পাৰ্লাৰত বহাই অন্তৰ্ধান স্বামী, প্ৰতাৰক স্বামীক বিচাৰি পত্নীৰ হাহাকাৰ

 পত্নীয়ে পাৰ্লাৰৰ পৰা ওলাই আহি স্বামী আৰু সন্তানক নেদেখি স্বামীক ফোন কৰে যদিও তেওঁ নাপালে কোনো সুফল।

পত্নীয়ে পাৰ্লাৰৰ পৰা ওলাই আহি স্বামী আৰু সন্তানক নেদেখি স্বামীক ফোন কৰে যদিও তেওঁ নাপালে কোনো সুফল।

পত্নীয়ে পাৰ্লাৰৰ পৰা ওলাই আহি স্বামী আৰু সন্তানক নেদেখি স্বামীক ফোন কৰে যদিও তেওঁ নাপালে কোনো সুফল।

  • Share this:
পত্নীক পাৰ্লাৰত বহাই থৈ পুত্ৰ সন্তানক লৈ স্বামী অন্তৰ্ধান হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে হোজাইত। উল্লেখযোগ্য যে লামডিং নিৱাসী মামণি দাস নামৰ মহিলাগৰাকী  দুবছৰ পূৰ্বে বিয়া হৈছিল বিশ্বজিত দাসৰ সৈতে।

হোজাইৰ উত্তৰ বিদ্যানগৰৰ বুলি প্ৰকাশ কৰি মামণিৰ সৈতে বিশ্বজিতে বিয়াত বহিছিল যদিও এদিনো স্বামী ঘৰলৈ অনা নাছিল পত্নীক। লামডিঙৰ ভাড়াঘৰতে আছিল দম্পতীটো। কিন্তু কিছুদিন পূৰ্বে স্বামী কামৰ বাবে গৈছিল দিল্লীলৈ। দিল্লীৰ পৰা ষট পূজাৰ দিনা উভতি আহিছিল হোজাইলৈ।

ইয়াৰ পিছত বৃহস্পতিবাৰৰ দিনা পত্নীৰ ঘৰত গৈ এৰাতি থাকি শুক্ৰবাৰে বজাৰ কৰিবলৈ হোজাইলৈ আহিছিল পত্নী সন্তানসহ বিশ্বজিত। কিন্তু প্ৰতাৰক স্বামী বিশ্বজিতে পত্নীক এখন পাৰ্লাৰত বহাই থৈ ডেৰ বছৰীয়া ল'ৰা সন্তানটিক লৈ হয় অন্তৰ্ধান। ইফালে পত্নীয়ে পাৰ্লাৰৰ পৰা ওলাই আহি স্বামী আৰু সন্তানক নেদেখি স্বামীক ফোন কৰে যদিও তেওঁ নাপালে কোনো সুফল।

ইয়াৰ পিছৰ পৰা মামণি দাসে মাতৃক লগত লৈ হোজাইৰ অলিয়ে গলিয়ে বিচাৰিছে প্ৰতাৰক স্বামীক।কিন্তু বাতৰি যুগুত কৰাৰ সময়লৈকে প্ৰতাৰক স্বামী বিশ্বজিতৰ নাই কোনো শুংসূত্ৰ। ফলত পত্নীয়ে স্বামীৰ বিৰুদ্ধে এতিয়া কাষ চাপিছে আৰক্ষীৰ। লগতে স্বামীয়ে ডেৰ বছৰীয়া সন্তানক অপহৰণ কৰাৰ অভিযোগ তুলিছে  শাহুৱেকে।

শেহতীয়া বাতৰি