• Home
  • »
  • News
  • »
  • assam
  • »
  • পৰকীয়া প্ৰেমৰ বাবেই পত্নীক হত্যা, ঘৰৰ পিছফালে থকা পুখুৰীত দলিয়ালে মৃতদেহ!

পৰকীয়া প্ৰেমৰ বাবেই পত্নীক হত্যা, ঘৰৰ পিছফালে থকা পুখুৰীত দলিয়ালে মৃতদেহ!

বৃহস্পতিবাৰে পুৱাই মমিনা বেগমৰ মৃতদেহ পুখুৰীত উপঙি থকা দেখি স্থানীয় ৰাইজে পুখুৰীৰ পৰা উদ্ধাৰ কৰি সোণাৰি থানাত অৱগত কৰে৷

  • Share this:
চৰাইদেউ জিলাৰ সদৰ সোণাৰিৰ সমীপৰ ভজো বগৰীগুৰিত বুধবাৰে নিশা স্বামীয়ে পত্নীক হত্যা কৰি মৃতদেহ পুখুৰীত পেলাই দিয়াৰ ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ ঘটনা সন্দৰ্ভত জানিব পৰা মতে, সোণাৰি থানাৰ অন্তৰ্গত ভজো বগৰীগুৰিৰ বাসিন্দা জাকিৰ হুছেইন নামৰ ব্যক্তিজনে পত্নী মমিনা বেগমক অতি পৰিকল্পিতভাৱে হত্যা কৰি ঘৰৰ পিছফালে থকা এটা পুখুৰীত মৃতদেহটো পেলাই দিয়ে৷

আনহাতে, বৃহস্পতিবাৰে পুৱাই মমিনা বেগমৰ মৃতদেহ পুখুৰীত উপঙি থকা দেখি স্থানীয় ৰাইজে পুখুৰীৰ পৰা উদ্ধাৰ কৰি সোণাৰি থানাত অৱগত কৰে৷ লগে লগে সোণাৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে অভিযুক্ত হত্যাকাৰী জাকিৰ হুছেইনক আটক কৰে৷

স্থানীয় ৰাইজে অভিযোগ কৰা অনুসৰি, পৰকীয়া প্ৰেমৰ বাবেই স্বামী-স্ত্ৰীৰ মাজত দীৰ্ঘদিনৰ পৰা কাজিয়াৰ সৃষ্টি হৈ আছিল৷ উক্ত দিনা নিশাও এই লৈ স্বামী-স্ত্ৰীৰ মাজত কাজিয়াৰ সৃষ্টি হয় আৰু পৰিণতিত স্বামী জাকিৰে পত্নী মমিনাক হত্যা কৰে৷ আনহাতে, হত্যাকাৰী জাকিৰক সোণাৰি আৰক্ষীয়ে নিজৰ জিন্মাত ৰখাৰ লগতে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে৷
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি