অভয়াপুৰীৰ সন্তোষপুৰ তৃতীয় খণ্ডত সংঘটিত হৈছিল এক লোমহৰ্ষক হত্যাকাণ্ড৷ শোৱাপাটীতে আফ্ৰুছা খাতুন নামৰ মহিলা এগৰাকীৰ ৰক্তাক্ত মৃতদেহ উদ্ধাৰ হৈছিল। ৩১ মাৰ্চত হত্যাকাণ্ডৰ বলি হোৱা আফৰুজাৰ হত্যাকাৰী আছিল স্বয়ং স্বামী। কিন্তু চালাক স্বামীয়ে হত্যাকাণ্ডক (Murder Case Of Wife) ডকাইতি কাণ্ডৰ ৰূপ দিয়াৰ চেষ্টা চলাইছিল।
আৰক্ষীয়ে অনুসন্ধানত পোৱা মতে, স্বামী ছাহাজুল ইছলামে সমগ্ৰ ঘটনাক অইন ৰূপ দিয়াৰ বাবে দুজন লোকে সিন্ধি খান্দি ঘৰত প্ৰৱেশ কৰি চোকা অস্ত্ৰৰে আক্ৰমণ কৰাৰ কথা আৰক্ষীক জানিবলৈ দিছিল ৷ লোক দুজনে চুৰি কাণ্ড সংঘটিত কৰাৰ বাবে ঘৰৰ ভিতৰত প্ৰৱেশ কৰিছিল বুলি স্বামীয়ে প্ৰচাৰ চলালেও আৰক্ষীৰ তদন্ত অব্যাহত থাকে।
পৰৱৰ্তী সময়ত আৰক্ষীৰ (Abhayapuri Police) তদন্তত স্বামী ছাহাজুল ইছলামেই আফ্ৰুছা খাতুনক হত্যা কৰাৰ তথ্য লাভ কৰিবলৈ সক্ষম হয় ৷ পৰকীয়া প্ৰেমৰ বাবে পত্নীৰে হোৱা কাজিয়াৰ ফলত ছাহাজুল ইছলামে হত্যাকাণ্ড সংঘটিত কৰা বুলি এক সংবাদ মেলৰ জৰিয়তে বঙাইগাঁওৰ অতিৰিক্ত আৰক্ষী অধীক্ষক লুনা সোণোৱালে জানিবলৈ দিছে ৷
আৰক্ষীয়ে হত্যাকাণ্ডৰ এসপ্তাহৰ ভিতৰতে তদন্ত কৰি ৰহস্য ভেদ কৰিবলৈ সক্ষম হোৱা বুলি আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিছে ৷ ইতিমধ্যে আৰক্ষীয়ে ছাহাজুল ইছলামক গ্ৰেপ্তাৰ কৰিছে (Husband Killed Wife) ৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|