মুখ্যপৃষ্ঠা » খবৰ

» অসম

»স্বামীয়ে বন্দুকেৰে গুলীয়াই হত্যা কৰিলে নিজ পত্নীক, কাৰণ জানিলে আচৰিত হ’ব আপুনি!

স্বামীয়ে বন্দুকেৰে গুলীয়াই হত্যা কৰিলে নিজ পত্নীক, কাৰণ জানিলে আচৰিত হ’ব আপুনি!

News18 Assam | News18-Assam
Updated:September 24, 2020, 10:29 PM IST
স্বামীয়ে বন্দুকেৰে গুলীয়াই হত্যা কৰিলে নিজ পত্নীক, কাৰণ জানিলে আচৰিত হ’ব আপুনি!
ঘৰত অবৈধভাৱে ৰখা হস্তনিৰ্মিত বন্দুকেৰে সাধাৰণভাৱে লগা এখন কাজিয়াৰ বাবেই নিজৰ পত্নীক হত্যা কৰিলে সোণাৰামে৷

ঘৰত অবৈধভাৱে ৰখা হস্তনিৰ্মিত বন্দুকেৰে সাধাৰণভাৱে লগা এখন কাজিয়াৰ বাবেই নিজৰ পত্নীক হত্যা কৰিলে সোণাৰামে৷

  • News18 Assam
  • Last Updated: September 24, 2020, 10:29 PM IST
  • Share this:
স্বামীৰ গুলি খাই মৃত্যুক আঁকোৱালি ল’বলগীয়া হ'ল খোদ পত্নীয়ে৷ এই ঘটনাটো সংঘটিত হৈছে বিশ্বনাথৰ অৰুণাচল সীমান্তৰ এখন গাঁৱত৷ জানি আচৰিত হ’ব যে সামান্য এখন ঘৰুৱা কাজিয়াৰ বাবে বড়ো সম্প্ৰদায়ৰ গাঁওখনত সংঘটিত হ'ল এই গুলীচালনাৰ ঘটনা৷ বিশ্বনাথ জিলাৰ ইটাখোলা উপ–আৰক্ষী চকীৰ অন্তৰ্গত চিজুছাৰ টিলাপাৰাত বৃহস্পতিবাৰে বিয়লি সংঘটিত হয় এই ঘটনাটো৷

জানিব পৰা মতে, টিলাপাৰা গাঁৱৰ সোণাৰাম বসুমতাৰীয়ে বিয়লি চাৰি মান বজাত নিজ পত্নী চকলী  বসুমতাৰীৰ সৈতে ঘৰুৱা বিষয়ক লৈ কাজিয়া হয়। পিছে কাজিয়া ইমানেই ভয়ংকৰ হয় যে স্বামী সোণাৰামে হাতেৰে নিৰ্মিত বন্দুকেৰে পত্নী চকলী বসুমতাৰীলৈ বুুুলি গুলীচালনা কৰে৷ স্বামীৰ গুলীয়ে বুকু ভেদি যোৱা পত্নী চকলী  বসুমতাৰী পাচলি কাটি থকা অৱস্থাতেই মাটিত ঢলি পৰে আৰু তাৎক্ষনিকভাৱে মৃত্যুক সাবটি লয়।

ঘৰত অবৈধভাৱে ৰখা হস্তনিৰ্মিত বন্দুকেৰে সাধাৰণভাৱে লগা এখন কাজিয়াৰ বাবেই নিজৰ পত্নীক হত্যা কৰিলে সোণাৰামে৷ আনহাতে ঘটনা সংঘটিত হোৱাৰ পিছতে স্বামী সোণাৰামে  ঘটনাস্থলীৰ পৰা পলায়ন কৰে। গাঁৱৰ লোকে ঘটনা সন্দৰ্ভত ইটাখোলা উপ–আৰক্ষী চকীক অৱগত কৰে। এই হত্যাকাণ্ডই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।
Published by: Sanjay Kumar Das
First published: September 24, 2020, 10:29 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি