পত্নীক পৰিকল্পিত ভাবে শাৰিৰীক, মানসিক নিৰ্যাতন চলাই হত্যা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হ’ল বিজেপি নেতা তথা ৰাষ্ট্ৰীয় গো সেৱা সংঘৰ সহকাৰী সম্পাদক,ভাৰত তিব্বত সহযোগ মঞ্চৰ নেতা কুন্দন সিং৷ শোণিতপুৰৰ মিছামাৰীত গ্ৰেপ্তাৰ কৰা হয় অভিযুক্ত নেতাজনক।
কৰ্মসূত্ৰে কেইবছৰ মান পূৰ্বে উত্তৰ প্ৰদেশৰ পৰা মিছামাৰীৰ নেপালিবস্তিত আহি স্থায়ী ভাবে থাকিবলৈ লোৱা কুন্দন সিঙে নিজকে বিজেপিৰ কিষান মৰ্চাৰ প্ৰভাৱশালী নেতা হোৱাৰ লগতে হিন্দু সংগঠনৰ নেতা হিতাপে জাহিৰ কৰি আহিছিল বৃহত্তৰ মিছামাৰী অঞ্চলটোত ৷
কিন্তু বিবাহিত এইগৰাকী নেতাৰ বিৰুদ্ধে পত্নীয়ে আনে পৰকীয়া প্ৰেমৰ অভিযোগ। আৰু তেতিয়াৰ পৰাই অভিযুক্ত কুন্দনৰ হাতত অকথ্য নিৰ্যাতনৰ সন্মুখীন হৈছিল পত্নী আশা থাপা। দীৰ্ঘদিন স্বামীৰ এনে নিৰ্যাতন সহ্য কৰিব নোৱাৰি অৱশেষত আশা থাপাই দেওবাৰে নিশা বিহ পান কৰি আত্মহননৰ পথ বাছি লয়।
কিন্তু আশা থাপাৰ আত্মহত্যাক সহজে মানি লব পৰা নাই তেওঁৰ পৰিয়ালৰ লোকে। কুন্দন সিঙেই তেওঁৰ পত্নী আশা থাপা সিঙক বিহ খোৱাই পৰিকল্পিত ভাবে হত্যা কৰা সন্দেহ প্ৰকাশ কৰিছে আশাৰ পৰিয়ালে। ইতিমধ্যে মিছামাৰী আৰক্ষী থানাত পৰিয়ালৰ লোকে এজেহাৰ দাখিল কৰিছে। পৰিয়ালৰ এজাহাৰৰ ভিত্তিত মিছামাৰী আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে কুন্দন সিঙক ৷
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|