‘আজি তাইক মাৰিম বুলিয়ে আহিছিলো’ – মহানগৰীত পত্নীক ছুৰীৰে আক্ৰমণ স্বামীৰ

ঘটনাৰ পিছত আৰক্ষীযে দুয়োকে ভৰ্তি কৰোৱায় হেল্থ চিটী হাস্পতালত। মহিলাগৰাকীৰ অৱস্থা সংকটজনক হোৱাত পিছত গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয়।

News18-Assam
Updated:September 9, 2019, 11:12 AM IST
‘আজি তাইক মাৰিম বুলিয়ে আহিছিলো’ – মহানগৰীত পত্নীক ছুৰীৰে আক্ৰমণ স্বামীৰ
ঘটনাৰ পিছত আৰক্ষীযে দুয়োকে ভৰ্তি কৰোৱায় হেল্থ চিটী হাস্পতালত। মহিলাগৰাকীৰ অৱস্থা সংকটজনক হোৱাত পিছত গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয়।
News18-Assam
Updated: September 9, 2019, 11:12 AM IST
মহানগৰীৰ বেলতলাত নিশা চাঞ্চল্যকৰ ঘটনা। বেলতলা তিনিআলিত থকা বিষ্ণু মন্দিৰৰ সমীপত পত্নীক ছুৰীৰে উপৰ্যুপৰি আক্ৰমণ স্বামীৰ। বকোৰ লক্ষ্য কলিতা নামৰ যুৱকজনে হত্যাৰ চেষ্টা চলালে নিজৰ পত্নীক। পৰকীয়া প্ৰেমৰ বাবেই স্বামীয়ে হত্যাৰ চেষ্টা চলালে পত্নীক।

বিশ্ব কলিতা নামৰ এজন লোকৰ সৈতে পত্নীৰ অবৈধ প্ৰেমৰ সম্পৰ্ক থকাৰ অভিযোগ লক্ষ্য কলিতাৰ। আজি মহিলাগৰাকীয়ে বিশ্ব কলিতাৰ হোটেলৰ পৰা ওলাই অহাৰ সময়তে খাপ পিটি থকা লক্ষ্যই আক্ৰমণ কৰে পত্নীক। ইফালে, মহিলাগৰাকীক আক্ৰমণৰ পিছতে স্থানীয় ৰাইজে আক্ৰমণকাৰী লক্ষ্যক উত্তম–মধ্যম শোধাই বশিষ্ঠ আৰক্ষীক গতাই দিয়ে।

ঘটনাৰ পিছত আৰক্ষীযে দুয়োকে ভৰ্তি কৰোৱায় হেল্থ চিটী হাস্পতালত। মহিলাগৰাকীৰ অৱস্থা সংকটজনক হোৱাত পিছত গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয়। বেলতলাত ভাৰাতীয়া হিচাপে আছিল পৰিয়ালটো। ইফালে, সংবাদ মাধ্যমৰ আগত আক্ৰমণকাৰী লক্ষ্যই কয় যে – ‘আজি তাইক মই মাৰিম বুলিয়ে আহিছিলো।’

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক পৰৱৰ্তী বাতৰি