உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • তিনিচুকীয়াত ৪ বছৰীয়া কন্যাক এৰি আলফা স্বাধীনলৈ স্বামী–স্ত্ৰী!

    তিনিচুকীয়াত ৪ বছৰীয়া কন্যাক এৰি আলফা স্বাধীনলৈ স্বামী–স্ত্ৰী!

    জাতীয় বিদ্যালয়ত অধ্যয়নৰত এগৰাকী চাৰি বছৰীয়া কন্যাক এৰি এইদৰে পিতৃ-মাতৃয়ে আলফা (স্বাঃ)ত যোগদান কৰা ঘটনাই সমগ্ৰ তিনিচুকীয়া জিলাখনতেই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

    • Share this:
    তিনিচুকীয়াৰ কাকপথাৰৰ স্বামী-স্ত্ৰীৰ আলফা(স্বাঃ)লৈ গমন! চাৰি বছৰীয়া কন্যাক এৰি অৰণ্যমুখী পিতৃ-মাতৃ। কাকপথাৰৰ ১নং চেলেংগুৰি গাঁৱৰ অচ্যুত নেওগ আৰু মমতা নেওগ নামৰ স্বামী-স্ত্ৰীয়ে আলফা(স্বাঃ)লৈ গমন কৰাৰ তথ্য পোহৰলৈ আহিছে।

    ঘটনাৰ বিৱৰণী অনুসৰি, তিনিচুকীয়া জিলাৰ কাকপথাৰৰ ১ নং চেলেংগুৰি গাঁৱৰ অচ্যুত নেওগ আৰু মমতা নেওগ নামৰ স্বামী-স্ত্ৰীয়ে ৫ মে'ত ডিৰাক কপাহতলী নামৰ ঠাইত থকা অন্য এখন ঘৰৰ পৰা চেলেংগুৰি গাঁৱৰ মূল ঘৰখনলৈ আহিছিল। সেইদিনাই ঘৰৰ পৰা ওলাই গৈছিল দুয়ো। উক্ত দিনাই সন্ধিয়া সময়ত তিনিচুকীয়া জিলাৰ এগৰাকী শীৰ্ষ আৰক্ষী বিষয়াই অচ্যুতৰ পিতৃক ফোনযোগে অচ্যুতে আলফা (স্বাঃ)ত যোগদান কৰাৰ কথা উল্লেখ কৰে।

    জাতীয় বিদ্যালয়ত অধ্যয়নৰত এগৰাকী চাৰি বছৰীয়া কন্যাক এৰি এইদৰে পিতৃ-মাতৃয়ে আলফা (স্বাঃ)ত যোগদান কৰা ঘটনাই সমগ্ৰ তিনিচুকীয়া জিলাখনতেই চাঞ্চল্যৰ সৃষ্টি কৰিছে। একমাত্ৰ পুত্ৰ সন্তান আৰু বোৱাৰীক নিজ কন্যাৰ মুখলৈ চাই পুনৰ ঘৰলৈ ঘূৰি আহিবলৈ অচ্যুতৰ পিতৃয়ে কাতৰ আহ্বান জনাইছে।

    উল্লেখযোগ্য যে, আলফা(স্বাঃ)ই চোৰাংচোৱা কৰাৰ অভিযোগত দুগৰাকীকৈ অসমীয়া যুৱকক মৃত্যুদণ্ড দিয়াৰ খবৰৰ চাঞ্চল্য মাৰ নৌযাওঁতেই পুনৰ পতি-পত্নীৰ আলফা (স্বাঃ)ত যোগদানৰ খবৰে ব্যপক চৰ্চা লাভ কৰিছে।
    Published by:Sanjay Kumar Das
    First published: