
মৃত স্বামী–স্ত্ৰীৰ নাম ৰতন কলিতা আৰু বৰষা ডেকা। সৰুপেটাৰ বগুলাপাৰাত সংঘটিত হৈছে এই কৰুণ ঘটনাটো।
মৃত স্বামী–স্ত্ৰীৰ নাম ৰতন কলিতা আৰু বৰষা ডেকা। সৰুপেটাৰ বগুলাপাৰাত সংঘটিত হৈছে এই কৰুণ ঘটনাটো।
বজালীৰ সৰুপেটাত সংঘটিত হৈছে এক হৃদয়বিদাৰক ঘটনা সংঘটিত হৈছে। একেডাল গছতে চিপ লৈ আত্মহত্যা নৱবিবাহিত দম্পতীৰ। মৃত স্বামী–স্ত্ৰীৰ নাম ৰতন কলিতা আৰু বৰষা ডেকা। সৰুপেটাৰ বগুলাপাৰাত সংঘটিত হৈছে এই কৰুণ ঘটনাটো। পুৱা স্থানীয় লোকে প্ৰত্যক্ষ কৰে দুয়োৰে মৃতদেহ।
প্ৰায় দুবছৰ পূৰ্বে সম্পন্ন হৈছিল দুয়োৰে বিবাহ। আত্মহত্যাৰ সঠিক কাৰণ জানিব পৰা হোৱা নাই যদিও আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ ৰতনে কোম্পানীত কাম কৰিবলৈ যাব বিচাৰিছিল। পত্নীক লগত নিব বিচৰা নাছিল ৰতনে। কিন্তু বৰষাই বাৰে বাৰে লগত লৈ যাবলৈ খাটনি ধৰিছিল ৰতনক। সেই অনুসৰি দেওবাৰে দুয়ো ওলাই আহিছিল ঘৰৰ পৰা। আজি পুৱা দুয়োৰে মৃতদেহ প্ৰত্যক্ষ কৰে স্থানীয় লোকে। আৰক্ষীয়ে মৃতদেহ দুটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|