• Home
  • »
  • News
  • »
  • assam
  • »
  • পাৰিবাৰিক কন্দল, হোজাইত পাষাণ স্বামীয়ে ডিঙিত ঘপিয়াই হত্যা কৰিলে পত্নীক

পাৰিবাৰিক কন্দল, হোজাইত পাষাণ স্বামীয়ে ডিঙিত ঘপিয়াই হত্যা কৰিলে পত্নীক

খঙৰ ভমকত নুৰে এখন দৰে পত্নীৰ ডিঙিৰ পিছফালে উপৰ্যুপৰি ঘাপ মাৰি হত্যা কৰে।

খঙৰ ভমকত নুৰে এখন দৰে পত্নীৰ ডিঙিৰ পিছফালে উপৰ্যুপৰি ঘাপ মাৰি হত্যা কৰে।

খঙৰ ভমকত নুৰে এখন দৰে পত্নীৰ ডিঙিৰ পিছফালে উপৰ্যুপৰি ঘাপ মাৰি হত্যা কৰে।

  • Share this:
আজি বিয়লিৰ ভাগত হোজাই জিলাৰ মোৰাঝাৰ আৰক্ষী থানাৰ অন্তৰ্গত পূব যমুনা গাঁৱত পাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণতিত এক নৃশংস হত্যাকাণ্ড সংঘটিত হয়। স্বামীয়ে দাৰে ঘপিয়াই হত্যা কৰে পত্নীক। গাঁওখনৰ নুৰু মিঞা নামৰ লোকজনে দৰে ঘপিয়াই হত্যা কৰিলে পত্নীক।

খেতিয়ক হিচাপে জীৱন নিৰ্বাহ কৰা নুৰে আজি বিয়লিৰ ভাগত পত্নী ৰেছমিনা বেগমৰ লগত ঘৰুৱা কথাত সামান্য কথাৰ কটাকটি হৈছিল। কিন্তু এই কথাই পিছলৈ বৃহৎ কাজিয়াৰ ৰূপ লয়। খঙৰ ভমকত নুৰে এখন দৰে পত্নীৰ ডিঙিৰ পিছফালে উপৰ্যুপৰি ঘাপ মাৰি হত্যা কৰে।

হত্যাকাণ্ড সংঘটিত কৰি হত্যাকাৰী নুৰু মিঞাই পলায়নৰ চেষ্টা কৰিছিল যদিও স্থানীয় ৰাইজে কৰায়ত্ত কৰি এজোপা গছত বান্ধি উত্তম–মধ্যম শোধায়। পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নুৰ মিঞাক উদ্ধাৰ কৰাৰ লগতে নিহত মহিলা গৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণাৰ ব্যৱস্থা কৰে। আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা হত্যাকাণ্ডত ব্যৱহৃত দাখন উদ্ধাৰ কৰাৰ লগতে তদন্ত আৰম্ভ কৰিছে।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি