মধুমেহ আৰু হৃদৰোগত আক্ৰান্ত প্ৰিয়দা গগৈৰ স্বাস্থ্যৰ এতিয়া দ্ৰুত অৱনতি ঘটিছে
মধুমেহ আৰু হৃদৰোগত আক্ৰান্ত প্ৰিয়দা গগৈৰ স্বাস্থ্যৰ এতিয়া দ্ৰুত অৱনতি ঘটিছে
বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইনৰ বাতিল আৰু পুত্ৰ অখিল গগৈক মুক্তিৰ দাবীত নিজৰ বাসগৃহৰ চোতালত অখিল গগৈৰ মাতৃয়ে কৰি আছে অনশন। ভগ্ন স্বাস্থ্যৰে অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈৰ অনশনে তৃতীয় দিনত ভৰি দিলে। মধুমেহ আৰু হৃদৰোগত আক্ৰান্ত প্ৰিয়দা গগৈৰ স্বাস্থ্যৰ এতিয়া দ্ৰুত অৱনতি ঘটিছে।
শুকুৰবাৰৰ পুৱা ৬বজাৰপৰা কা বাতিল আৰু পুত্ৰৰ মুক্তিৰ দাবীত মৰিয়নিৰ চেলেংহাট লুসুৰাখনস্থিত অখিল গগৈৰ বাসগৃহৰ চোতালত আৰম্ভ কৰিছিল প্ৰিয়দা গগৈয়ে অনশন।শনিবাৰৰপৰা অনশন কাৰ্যসূচীত অখিল মাতৃক সংগ দিছে স্থানীয় বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে।
কি কৈছিল শুনক মাতৃ প্ৰিয়দা গগৈয়ে?
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|