মুখ্যপৃষ্ঠা »খবৰ »অসম »কৰ্ম সংস্থাপন তথা উচ্ছেদ বন্ধ কৰাৰ আহ্বানেৰে বশিষ্ঠস্থিত বিজেপি কাৰ্যালয়ৰ সন্মুখত শতাধিক চাফাই কৰ্মী

কৰ্ম সংস্থাপন তথা উচ্ছেদ বন্ধ কৰাৰ আহ্বানেৰে বশিষ্ঠস্থিত বিজেপি কাৰ্যালয়ৰ সন্মুখত শতাধিক চাফাই কৰ্মী

মাটিৰ পট্টা ব্যবস্থা কৰাৰ লগতে অনাগত দিনত উচ্ছেদ বন্ধ কৰিব লাগে বুলি বিজেপি কাৰ্যালয়ৰ সন্মুখত উপস্থিত কৰ্মীসকল

  • Share this:
বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টীৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত উপস্থিত হৈছে শতাধিক চাফাই কৰ্মী। মাটিৰ পট্টা ব্যবস্থা কৰাৰ লগতে অনাগত দিনত উচ্ছেদ বন্ধ কৰিব লাগে বুলি বিজেপি কাৰ্যালয়ৰ সন্মুখত উপস্থিত কৰ্মীসকল। উল্লেখ্য যে, বিজেপি কাৰ্যালয়ৰ সন্মুখত মোতায়েন কৰা হৈছে আৰক্ষী প্ৰশাসনৰ লোক। কৰ্ম সংস্থাপন অথবা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক লগ কৰাই দিয়াৰ চাফাই কৰ্মীসকলৰ।

মন কৰিবলগীয়া যে, কিছুদিন পুৰ্বে উচ্ছেদ কৰিছিল তিনিটা হৰিজন কলনী। উচ্ছেদিত ৰূপনগৰ, পল্টনবজাৰ ৰিজাৰ্ভ আৰু মালিগাঁও গোশালা হৰিজন কলনীৰ কর্মীসকল উপস্থিত হৈছে বিজেপিৰ মুখ্য কাৰ্যালয়ত।

ইফালে, মুখ্যমন্ত্ৰীয়ে যদি ভুমি পট্টাৰ ব্যৱস্থা কৰে তেন্তে ১ লাখ ৫ হাজাৰ হৰিজন লোকে বিজেপিত যোগদান কৰিব বুলিও জনাইছে।

শেহতীয়া বাতৰি