শ্বোৱাইন ফিভাৰতেই গাহৰিৰ মৃত্যু হোৱা বুলি সন্দেহ কৰিছে সকলোৱে৷
শ্বোৱাইন ফিভাৰতেই গাহৰিৰ মৃত্যু হোৱা বুলি সন্দেহ কৰিছে সকলোৱে৷
কৃষি আৰু পশুপালন মন্ত্ৰী অতুল বৰাৰ সমষ্টিত অচিন ৰোগত মৃত্যু হৈছে শতাধিক গাহৰিৰ৷ ইফালে বানপানীত মহকুমাটোৰ বেছিভাগ অঞ্চলেই জলমগ্ন হৈ থকাৰ বাবে মৃত গাহৰিবোৰ পুতিবৰ বাবে ঠাইৰ অভাৱত পানীতেই উটুৱাই দিব লগা হৈছে৷ যাৰ বাবে প্ৰদূষিত হৈ পৰিছে জলমগ্ন অঞ্চলবোৰ৷ বিশেষকৈ নদীপৰীয়া অঞ্চলবোৰত এতিয়া এক অস্বাস্থ্যকৰ অৱস্থাৰ সৃষ্টি হৈছে৷ মৃত গাহৰিৰ শৰীৰৰ নমুনা সংগ্ৰহ কৰি গৱেষণাগাৰলৈ প্ৰেৰণ কৰিছে বোকাখাত মহকুমাৰ পশুচিকিৎসা বিভাগে৷
শ্বোৱাইন ফিভাৰতেই গাহৰিৰ মৃত্যু হোৱা বুলি সন্দেহ কৰিছে সকলোৱে৷ যাৰ বাবে পৰিস্থিতি অধিক জটিল হোৱাৰো আশংকা আছে৷ বোকাখাতৰ নদীপৰীয়া অঞ্চলত মৃত্যু হোৱা গাহৰিবোৰ নদীৰ বাঢ়নী পানীত উটুৱাই দিয়াৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বনৰীয়া গাহৰিবোৰো এই ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে৷
এনে পটভূমিত জীপাল নামৰ শ্ৰমিক কৃষক নামৰ সংগঠনটোৰ সম্পাদক প্ৰবীণ পেগু আৰু জিলা সমন্বয়ক মণিকংকনা বৰবৰাই দিয়া এক বিবৃতিত কৃষিমন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টিত শ শ গাহৰিৰ আফ্ৰিকান শ্বোৱাইন ফিভাৰত মৃত্যু হোৱাত তৎকালেই গাহৰি পালকক উচিত ক্ষতিপূৰণ দিয়াৰ দাবী কৰিছে৷ ‘জীপাল’ৰ মতে পশুচিকিৎসা বিভাগে আজি পৰ্যন্ত আফ্ৰিকান শ্বোৱাইন ফিভাৰ সন্দৰ্ভত কোনো ধৰণৰ সজাগতাৰ ব্যৱস্থা নকৰিলে৷ ইয়াৰ উপৰিও বানপানীৰ মাজত মৃত গাহৰিক কেনেদৰে নিষ্কাশন কৰা হ’ব, মৃত গাহৰি পানীত উটুৱাই দিয়াৰ ফলত হ’ব পৰা প্ৰদূষণ আৰু সংক্ৰমণৰ সম্পৰ্কত পশুচিকিৎসা বিভাগৰ হাতত কোনোধৰণৰ ব্যৱস্থাপনা নাই বুলিও অভিযোগ কৰিছে জীপাল নামৰ সংগঠনটোৱে৷
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|