বিশেষ বিমানযোগে বহিঃৰাজ্যৰ পৰা নাজিৰাৰ গেলেকী ONGC তৈলক্ষেত্ৰলৈ আহিল শতাধিক কৰ্মচাৰী

News18 Assam | News18-Assam
Updated:May 22, 2020, 8:40 PM IST
বিশেষ বিমানযোগে বহিঃৰাজ্যৰ পৰা নাজিৰাৰ গেলেকী ONGC তৈলক্ষেত্ৰলৈ আহিল শতাধিক কৰ্মচাৰী
দিল্লী, মুম্বাই, গুজৰাট আদি ঠাইৰ পৰা অহা অ’ এন জি চিৰ এই কৰ্মচাৰীসকল গেলেকীত উপস্থিত হোৱাক লৈ নাজিৰা মহকুমাবাসীৰ লগতে গেলেকীবাসীক চিন্তিত কৰি তুলিছে।

দিল্লী, মুম্বাই, গুজৰাট আদি ঠাইৰ পৰা অহা অ’ এন জি চিৰ এই কৰ্মচাৰীসকল গেলেকীত উপস্থিত হোৱাক লৈ নাজিৰা মহকুমাবাসীৰ লগতে গেলেকীবাসীক চিন্তিত কৰি তুলিছে।

  • Share this:
তিনিজনকৈ কোৰোণা ৰোগীক লৈ সমগ্ৰ শিৱসাগৰ জিলাখনৰ লগতে নাজিৰা মহকুমাবাসী আতংকিত হৈ থকাৰ সময়তে আজি এক বিশেষ বিমানযোগে ONGC অসম সম্পদৰ অধীনৰ গেলেকী তৈলক্ষেত্ৰলৈ বহিঃৰাজ্যৰ পৰা প্ৰায় শতাধিক কৰ্মচাৰীৰ আগমন ঘটনাক লৈ পুনৰ শিৱসাগৰ জিলা তথা নাজিৰা মহকুমাবাসীক  আতংকিত কৰি তুলিছে। দিল্লী, মুম্বাই, গুজৰাট আদি ঠাইৰ পৰা অহা অ’ এন জি চিৰ এই কৰ্মচাৰীসকল গেলেকীত উপস্থিত হোৱাক লৈ নাজিৰা মহকুমাবাসীৰ লগতে গেলেকীবাসীক চিন্তিত কৰি তুলিছে।

ইফালে বহিঃৰাজ্যৰ এই কৰ্মচাৰীসকলক লৈ শংকিত হৈ পৰা বহু থলুৱা বিষয়া-কৰ্মচাৰীয়ে এতিয়া কৰ্মক্ষেত্ৰ ত্যাগ কৰিবলৈ চেষ্টা কৰাও অভিযোগ উঠিছে। আনহাতে, এই বিষয়াসকলক গেলেকী DSA কলনীত হোম কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰাত ক্ষুন্ন হৈ পৰিছে নিগমৰ গেলেকী তৈলক্ষেত্ৰৰ কৰ্মচাৰীসকলৰ লগতে গেলেকীবাসী সাধাৰণ ৰাইজ।

উল্লেখ্যে যে ONGC গেলেকী তৈলক্ষেত্ৰত GGS-I ,GGS-II ,GGS-III, CTF আৰু খনন আৰু উৎপাদন ৰীগত ‘অনঅফ’ ভিত্তিত বহিঃৰাজ্য গুজৰাট, মহাৰাষ্ট্ৰ, তামিলনাডু আদিৰ বহু বিষয়া কৰ্মৰত হৈ আছে। প্ৰথম লকডাউনৰ পূৰ্বে নিজ ৰাজ্যলৈ যোৱা এইসকল বিষয়াক এতিয়া চতুৰ্থ পৰ্যায়ৰ লকডাউনৰ সময়ত কেন্দ্ৰীয় চৰকাৰে কিছু শিথিলতা অনাত পুনৰ কৰ্মক্ষেত্ৰ লৈ ওভতাই অনাৰ বাবে অ’ এন জি চি কৰ্তৃপক্ষই পদক্ষেপ গ্ৰহণ কৰিছে। যাৰবাবে অ’ এন জি চিয়ে ২২ মে’ত এক বিশেষ চাৰ্টাৰ্ড বিমানযোগে এই বিষয়াসকলক ডিব্ৰুগড় বিমানবন্দৰত অৱতৰণ কৰোৱাৰ পদক্ষেপ গ্ৰহণ কৰে।

ইয়াৰ পিছত এই বিষয়াসকলক নিগম কৰ্তৃপক্ষই পোনে পোনে গেলেকী তৈলক্ষেত্ৰৰ DSA কলনীলৈ আনি কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰিছে আৰু ইয়াৰ পিছতহে বিষয়াসকলক কৰ্মত যোগদানৰ ব্যৱস্থা কৰিব। কিন্তু অসম আগমনৰ পূৰ্বেই এইসকল বিষয়াৰ ভিতৰৰে গুজৰাটৰ দুজন বিষয়াৰ দেহত কোভিড-১৯ পজিটিভ পোৱা বুলি অভিযোগ উঠিছে।

ইফালে এই খবৰ বনজুইৰ দৰে নাজিৰা মহকুমা তথা গেলেকীবাসী ৰাইজৰ মাজত বিয়পি পৰাত আতংকিত হৈ পৰিছে  নিগমৰ গেলেকী তৈলক্ষেত্ৰৰ কৰ্মচাৰীসকলৰ লগতে গেলেকীৰ সৰ্বসাধাৰণ ৰাইজ। জানিব পৰা মতে ইতিমধ্যে নিগমৰ বহু থলুৱা কৰ্মচাৰীয়ে বহিঃৰাজ্য ফেৰৎ এইসকল কৰ্মচাৰীয়ে গেলেকীত পদাৰ্পণ কৰাৰ পূৰ্বে কৰ্মস্থলীৰ পৰা পলায়ন কৰাৰো অভিযোগ উঠিছে। কিয়নো শিৱসাগৰ জিলাৰ সীমান্তৱৰ্তী আৰু চাহ বাগিচা অধ্যুষিত গেলেকীৰ সৰ্বসাধাৰণ ৰাইজ এই কোৰোণা মহামাৰীৰ ক্ষেত্ৰত বিশেষ সচেতন নহয়। এই বিষয়াসকল গেলেকী আহি পোৱাৰ পিছত কোৰোণা সংক্ৰমিত হ’লে সীমান্ত অঞ্চলটোত এক অনিয়ন্ত্ৰিত পৰিস্থিতিৰ সৃষ্টি হোৱাৰ আশংকা নুই কৰিব নোৱাৰি।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading