• Home
  • »
  • News
  • »
  • assam
  • »
  • জাগীৰোডত চলিছে নেকি মানৱ দেহৰ অংগৰ ব্যৱসায়? কলিকতা পৰ্যন্ত আছে নেটৱৰ্ক, আৰক্ষীৰ জালত পৰিল ৰহস্যময়ী মহিলা

জাগীৰোডত চলিছে নেকি মানৱ দেহৰ অংগৰ ব্যৱসায়? কলিকতা পৰ্যন্ত আছে নেটৱৰ্ক, আৰক্ষীৰ জালত পৰিল ৰহস্যময়ী মহিলা

 ধনৰ প্ৰলোভনেৰে একাংশ দৰিদ্ৰ লোকক কৰিছে টাৰ্গেট

 ধনৰ প্ৰলোভনেৰে একাংশ দৰিদ্ৰ লোকক কৰিছে টাৰ্গেট

 ধনৰ প্ৰলোভনেৰে একাংশ দৰিদ্ৰ লোকক কৰিছে টাৰ্গেট

  • Share this:
ৰাজ্যত চলিছে নেকি মানৱ দেহৰ অংগ ব্যৱসায় ? জাগীৰোডৰ দক্ষিণ ধৰমতুলত একাংশ দৰিদ্ৰ লোকক টাৰ্গেট কৰিছে দুষ্টচক্ৰই ৷ কিডনী দানৰ নামত এটা বৃহৎ চক্ৰই ব্যৱসায় চলাই যোৱাৰ অভিযোগ স্থানীয় লোকৰ ৷

অঞ্চলটোৰ একাংশ দৰিদ্ৰ লোকক ধনৰ প্ৰলোভনেৰে দেহৰ অংগ দান কৰাত নমাইছে এটা বৃহৎ চক্ৰই ৷ আৰু এই  চক্ৰটোৰ লগত গুৱাহাটী মহানগৰীৰ লখৰা অঞ্চলৰ লিলিমাই বড়ো নামৰ এগৰাকী মহিলা জড়িত থকাৰ অভিযোগ উত্থাপিত হৈছে। ৰমেন মেধি নামৰ এগৰাকী লোকৰ লগতে আন কেইবাজনো এজেণ্ট নিয়োগ কৰি কিডনী দানৰ নামত ব্যৱসায় চলাই আহিছে এইগৰাকী হাইপ্ৰফাইল মহিলাই ৷

ইতিমধ্যে অঞ্চলটোৰ প্ৰায় ১৫/২০ গৰাকী পুৰুষ আৰু মহিলাক এই জালত পেলাবলৈ সক্ষম হৈছে অপৰাধী চক্ৰটোৱে ৷ কেইবাগৰাকী লোকক কলিকতালৈ নি কিডনী দান কৰাই চৰ্ত অনুসৰি ধন আদায় নিদিয়াৰো অভিযোগ উত্থাপিত হৈছে ৷

শনিবাৰেও কেইবাগৰাকী লোকক কিডনী দানৰ বাবে আগধন দিবলৈ অহাৰ সময়তে স্থানীয় ৰাইজৰ ৰোষত পৰে মহিলাগৰাকী ৷ AS01-EF-2838 নম্বৰৰ বিলাসী বাহনত অহা মহিলাগৰাকীয়ে অঞ্চলটোৰ পানীৰাম দাস নামৰ এজন লোকৰ ঘৰত বহি ধনৰ লেনদেন কৰি থকাৰ সময়তে গাওঁৰক্ষী বাহীনীৰ লোকে মহিলাগৰাকীক হাতেলুটে ধৰি জব্দ কৰে  এখন চেক বুক আৰু বৃহৎ পৰিমানৰ নগদ ধন ৷

পিছত স্থানীয় লোকে নেলী আৰক্ষীক গতাই দিয়ে মহিলাগৰাকীক ৷ ইফালে এই চক্ৰটোৰ লগত জড়িত স্থানীয় লোক সকলকো উচিত শাস্তি দিবলৈ প্ৰশাসনক দাবী জনাই অঞ্চলবাসীয়ে।

ঘটনা সন্দৰ্ভত ইতিমধ্যে নেলী আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ৷ মানৱ দেহৰ অংগ ব্যৱসায়ত জড়িত এই বৃহৎ চক্ৰটোৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে স্থানীয় সচেতন লোক সকলে ৷
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি