কলিয়াবৰত অব্যাহত হাতী-মানুহৰ সংঘাত। খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই অহা ভোকাতুৰ বন্যহস্তীয়ে কলিয়াবৰৰ ভিন্ন অঞ্চলত চলাইছে ধাৰাবাহিক সন্ত্ৰাস।
শনিবাৰে পুৱতিনিশা কলিয়াবৰৰ তপাহলা গাঁৱত উপদ্ৰৱ চলাই বন্যহস্তীৰ জাকে।
পুৱতিনিশা কলিয়াবৰৰ তপাহলা গাঁৱৰ পাঁচটাকৈ বাসগৃহ ভাঙি ক্ষতি কৰে বন্যহস্তীয়ে। বন্যহস্তীৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হ'ব লগা হয় তপাহলা গাঁৱৰ এজন লোক। বন্যহস্তীয়ে শুঁৰেৰে এজনক বিছনাৰ পৰা টানি নিছিল যদিও কথমপি প্ৰাণ ৰক্ষা পৰে লোকজনৰ (Human-Elephant Conflicts at Kaliabor)।
লগতে বন্যহস্তীৰ আক্ৰমণৰ পৰা কথমপি ৰক্ষা পৰে লোকজনৰ পত্নীসহ দুই সন্তান। বন বিভাগক খবৰ দিয়াৰ পিছতো ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত নোহোৱাৰ অভিযোগ ভুক্তভোগীৰ। উল্লেখ্য যে বিগত কিছুদিন ধৰি খাদ্যৰ সন্ধানত কাজিৰঙাৰ পৰা ওলাই অহা বন্যহস্তীৰ জাকে কলিয়াবৰৰ জনাঞ্চলত প্ৰৱেশ কৰি উপদ্ৰৱ চলাইছে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|