• Home
  • »
  • News
  • »
  • assam
  • »
  • মাহীয়ে অপহৰণ কৰিলে ভাগিনক!

মাহীয়ে অপহৰণ কৰিলে ভাগিনক!

অপহৰণ কৰি শিশুটিক ডিমাপুৰত বিক্ৰী কৰাৰ সন্দেহ পৰিয়ালৰ৷

অপহৰণ কৰি শিশুটিক ডিমাপুৰত বিক্ৰী কৰাৰ সন্দেহ পৰিয়ালৰ৷

অপহৰণ কৰি শিশুটিক ডিমাপুৰত বিক্ৰী কৰাৰ সন্দেহ পৰিয়ালৰ৷

  • Share this:
    শনিবাৰে হোজাইৰ চানাপট্টিত সংঘটিত হৈছে চাঞ্চল্যকৰ অপহৰণকাণ্ড। মাহিয়েকে অপহৰণ কৰিলে নিজৰ ভাগিনক। ঘটনা অনুসৰি মাতৃৰ সৈতে মোমায়েকৰ ঘৰলৈ ফূৰিবলৈ গৈছিল আদিল হুছেইন নামৰ তিনি বছৰীয়া এটি শিশু। ৰাতি মোমায়েকৰ ঘৰত শুই থকা অৱস্থাত শিশুটিক নিজৰ মাহীয়েক হাজিবা বেগমে অপহৰণ কৰি নিয়াৰ সন্দেহ কৰিছে পৰিয়ালৰ লোকে। উল্লেখযোগ্য যে শিশুটিৰ পিতৃ আহমদ হুছেইন কৰ্মসূত্ৰে থাকে মধ্যপ্ৰাচ্যৰ দেশ কুৱেইটত৷

    শোৱাপাটিৰ পৰাই অপহৰণ কৰি শিশুটিক ডিমাপুৰত বিক্ৰী কৰিলে বুলি সন্দেহ কৰি আৰক্ষীৰ কাষ চাপিছে পৰিয়ালৰ লোক।হোজাই আৰক্ষীয়েও এতিয়া অপহৃত শিশু আদিল হুছেইনৰ সন্ধানত ডিমাপুৰত আৰম্ভ কৰিছে অভিযান ৷  শিশুটিৰ পিতৃৰ সৈতে মাহীয়েকৰ থকা ধনৰ লেনদেনৰ বাবেই শিশুটিক অপহৰণ কৰি বিক্ৰী কৰিলে বুলি এতিয়া সন্দেহ কৰা হৈছে। অপহৰণ কাণ্ডত হাজিবাৰ স্বামী ইছলাম উদ্দিনো জড়িত থকাৰ অভিযোগ৷
    First published:

    শেহতীয়া বাতৰি