কাজিৰঙাৰ ৰাজপথত তীব্ৰবেগী ট্ৰাক। ট্ৰাকে মহটিয়াই নিলে এটা গঁড়। ৰাষ্ট্ৰীয় উদ্যানৰ পথেৰে যান–বাহন চলাচলৰ ক্ষেত্ৰত বান্ধি দিয়া নীতি–নিয়ম পাহৰি দ্ৰুতগতিত অহা ট্ৰাকৰ খুন্দাত আহত হয় প্ৰকাণ্ড গঁড়টো।
ঘটনাটো সংঘটিত হয় কাজিৰঙাৰ হালধিবাৰী এনিমেল কৰিড'ৰত। যোৰহাটৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা WB 91 6749 নম্বৰৰ ট্ৰাকখনে ৰাজপথত ওলাই অহা প্ৰকাণ্ড গঁড়ক সন্মুখৰ পৰা খুন্দিয়াই পলায়ন কৰে।
কিন্তু বাগৰি আৰক্ষীৰ সহযোগত বাগৰিত জব্দ কৰিবলৈ সক্ষম হয় ট্ৰাকখন। ট্ৰাকখনৰ বিৰুদ্ধে গোলাঘাট জিলা পৰিবহণ বিভাগে চাৰি হাজাৰ আৰু বন বিভাগে পাঁচ হাজাৰ, মুঠ ৯ হাজাৰ টকাৰ জৰিমনা বিহে। ইফালে বন বিভাগে হাতীৰ সহায়ত অৰণ্যত আহত গঁড়টোৰ সন্ধান অব্যাহত ৰাখিছে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|