• Home
  • »
  • News
  • »
  • assam
  • »
  • জালুকবাৰীত দুমহলীয়া ঘৰত উৎখাত চুলাই মদৰ ঘাটি। পলাতক কাৰ্তিক বেপাৰী কাৰ্তিক দাস।

জালুকবাৰীত দুমহলীয়া ঘৰত উৎখাত চুলাই মদৰ ঘাটি। পলাতক কাৰ্তিক বেপাৰী কাৰ্তিক দাস।

জালুকবাৰী আৰক্ষী থানাৰ পৰা মাত্ৰ দুশ মিটাৰ ব্যৱধানত দীৰ্ঘদিন ধৰি এনেদৰে চুলাই ঘাটি চলি আছিল।

জালুকবাৰী আৰক্ষী থানাৰ পৰা মাত্ৰ দুশ মিটাৰ ব্যৱধানত দীৰ্ঘদিন ধৰি এনেদৰে চুলাই ঘাটি চলি আছিল।

জালুকবাৰী আৰক্ষী থানাৰ পৰা মাত্ৰ দুশ মিটাৰ ব্যৱধানত দীৰ্ঘদিন ধৰি এনেদৰে চুলাই ঘাটি চলি আছিল।

  • Share this:
গুৱাহাটী মহানগৰীৰ মালিগাঁৱত অবৈধ চুলাইৰ বিৰুদ্ধে পুনৰ চলিল কামৰূপ জিলা আবকাৰী বিভাগৰ অভিযান। জানিব পৰা মতে, আবকাৰী অধীক্ষক মানসী দাসৰ নেতৃত্বত মালিগাঁৱৰ অৰুণা চিনেমা হলৰ কাষতেই অভিযান চলায়। কাৰ্তিক দাস নামৰ এজন ব্যক্তিৰ দুমহলীয়া অট্টালিকাত চলা অভিযানত বৃহৎ পৰিমাণৰ চুলাই জব্দ হয়। লগতে এই অভিযানত আবকাৰী বিভাগে জব্দ কৰে চুলাই প্ৰস্তুকৰণত ব্যৱহৃত বহু আপত্তিজনক সা-সামগ্ৰীও।

উল্লেখ্য যে, আবকাৰী বিভাগৰ অভিযানৰ আগতীয়াকৈ উমান পাই কাৰ্তিক দাসে ঘৰৰ পৰা পলায়ন কৰাত অভিযানকাৰী দলটোৱে তেওঁৰ পত্নীক সোধা-পোছাৰ বাবে আটক কৰিছে। মন কৰিবলগীয়া কথা যে, কাৰ্তিক দাসে অঞ্চলটোত দীৰ্ঘদিন ধৰি অবৈধভাৱে চুলাই মদৰ ব্যৱসায় চলাই আছিল।

আজি কিছুদিন পূৰ্বে আবকাৰী বিভাগে পাণ্ডু বৰবজাৰত থকা কাৰ্তিকৰ এটা বৃহৎ চুলাই ঘাটি উচ্ছেদো কৰিছিল। সেই অভিযানত বিভাগে প্ৰায় এক হাজাৰ লিটাৰ চুলাই আৰু তিনি কাৰ্টন অবৈধ বিদেশী সুৰা জব্দ কৰিছিল। বজাৰৰ মাজ মজিয়াতে চলি থকা চুলাই ঘাটিটোৰ পৰা আবকাৰী বিভাগে কাৰ্তিকৰ ভাতৃ ফেচু দাসৰ লগতে আন এজন ব্যক্তিক আটক কৰিছিল।

কিন্তু সেই অভিযানৰ পাছতো ক্ষান্ত হোৱা নাছিল কাৰ্তিক। বৰঞ্চ নিজৰ দুমহলীয়া বাসগৃহৰ ওপৰ মহলাত চুলাইৰ লগতে সেইসমূহ প্ৰস্তুতকৰণত ব্যৱহৃত সামগ্ৰী মজুতহে ৰাখিছিল। জালুকবাৰী আৰক্ষী থানাৰ পৰা মাত্ৰ দুশ মিটাৰ ব্যৱধানত দীৰ্ঘদিন ধৰি এনেদৰে চুলাই ঘাটি চলি আছিল।
Published by:Manjumoni Borah
First published: