নলবাৰীত বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ উদ্ধাৰ। শনিবাৰে সেনা বাহিনীৰ গোপন খবৰৰ ভিত্তিত নলবাৰী আৰক্ষী আৰু CRPF ৰ ১৩৬ নং বেটেলিয়নে চেংনৈৰ জংঘলৰ মাজত চলোৱা এক অভিযানত বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ উদ্ধাৰ কৰে ( explosive material recovered in Nalbari)।
ইয়াৰ ভিতৰত পিষ্টল ৬টাসহ সজীৱ গুলী, প্ৰায় শতাধিক মেগজিনৰ লগতে বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰে। ইফালে ইয়াৰ লগত কোন জড়িত আছে এতিয়ালৈকে জানিব পৰা হোৱা নাই যদিও এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।
আনহাতে এই সন্দৰ্ভত আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিব। পিছে হঠাতে নলবাৰীৰ চেংনৈৰ এই নিৰ্জন ঠাইত কোনে এই মাৰণাস্ত্ৰ ৰাখিছিল সেয়া পৰৱৰ্তী সময়ত আৰক্ষীৰ অনুসন্ধানত ওলাই পৰিব৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|