• Home
  • »
  • News
  • »
  • assam
  • »
  • Kaliabor : কলিয়াবৰৰ কুঁৱৰীটোলত পৰিত্যক্ত ৱাগনাৰ বাহনত বুজন পৰিমাণৰ ড্ৰাগছ জব্দ

Kaliabor : কলিয়াবৰৰ কুঁৱৰীটোলত পৰিত্যক্ত ৱাগনাৰ বাহনত বুজন পৰিমাণৰ ড্ৰাগছ জব্দ

বাহনখনৰ ডিগিত ১৬টা চাবোনৰ বক্সত উদ্ধাৰ কৰা হয়  ড্ৰাগছখিনি।

বাহনখনৰ ডিগিত ১৬টা চাবোনৰ বক্সত উদ্ধাৰ কৰা হয়  ড্ৰাগছখিনি।

বাহনখনৰ ডিগিত ১৬টা চাবোনৰ বক্সত উদ্ধাৰ কৰা হয়  ড্ৰাগছখিনি।

  • Share this:
কলিয়াবৰৰ কুঁৱৰীটোলত জব্দ বুজন পৰিমাণৰ ড্ৰাগছ। চুলুং আৰক্ষী টহলদাৰী চকীৰ বিষয়া মৃদুল নাথৰ গোপন খবৰৰ ভিত্তিত জব্দ কৰা হয় বুজন পৰিমাণৰ ড্ৰাগছ। কলিয়াবৰৰ কুঁৱৰীটোলৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত এখন পৰিত্যক্ত ৱাগনাৰ বাহনৰ পৰা জব্দ হয় ড্ৰাগছখিনি।

বাহনখনৰ ডিগিত ১৬টা চাবোনৰ বক্সত উদ্ধাৰ কৰা হয়  ড্ৰাগছখিনি। উদ্ধাৰ হোৱা ড্ৰাগছখিনি ওজন প্ৰায় ২১৫ গ্ৰাম বুলি জানিব পৰা গৈছে। কলিয়াবৰ আৰু চুলুং আৰক্ষীৰ অভিযানত জব্দ কৰা ড্ৰাগছখিনি ৰখা বাহনখনৰ নম্বৰ আছিল  AS 02 AJ 1230। জব্দকৃত ড্ৰাগছখিনি মূল্য প্ৰায় ডেৰ লক্ষাধিক হ'ব বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।

ইফালে ৱাগনাৰ বাহনৰ গৰাকীৰ কোনো শুংসূত্ৰ লাভ কৰা নাই যদিও আৰক্ষীৰ অভিযান অব্যাহত আছে। ধিঙৰ বেচিমাৰীৰ আনোৱাৰ হুছেইন নামৰ এজন লোকৰ নামত পঞ্জীয়ন হৈ আছে পৰিত্যক্ত ৱাগনাৰ বাহনখন।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি