মহানগৰীৰ মালিগাঁৱত প্ৰকাণ্ড অজগৰ উদ্ধাৰ। মালিগাঁৱৰ ৰে'লৱে হাস্পতালৰ পিছফালৰ কোৱাৰ্টাৰ নং ৪১(বি)ৰ চৌহদত উদ্ধাৰ হয় অজগৰডাল।
জানিব পৰা মতে, স্থানীয় ৰাইজে অজগৰডাল ধৰি গোশালা আৰক্ষীক চমজাই দিয়ে।উল্লেখ্য যে বিগত কেইবাদিন ধৰি চৌহদটোত অজগৰডালে বিচৰণ কৰি ফুৰিছিল।
এই সংক্ৰান্তত বন বিভাগক কেইবাবাৰো খবৰ দিও কোনো সুফল নোপোৱাৰ অভিযোগ ৰাইজৰ। আনকি আজিও বহুবাৰ ফোন কৰাৰ পিছতো উপস্থিত নহ'ল বন বিভাগৰ কোনো লোক।
অৱশেষত উপায়হীন হৈ স্থানীয় যুৱকসকলে নিজেই ধৰি গোশালা থানাত চমজাই দিয়ে অজগৰডাল।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|