২০২১ৰ নিৰ্বাচন সমাগত। আগন্তুক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি সোমবাৰে বৰপেটাৰ সৰুক্ষেত্ৰী সমষ্টিৰ কয়াকুছিত কংগ্ৰেছ দলে প্ৰদৰ্শন কৰে নিজৰ শক্তি ৷
২০২১ৰ নিৰ্বাচন সমাগত। আগন্তুক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি সোমবাৰে বৰপেটাৰ সৰুক্ষেত্ৰী সমষ্টিৰ কয়াকুছিত কংগ্ৰেছ দলে প্ৰদৰ্শন কৰে নিজৰ শক্তি ৷
২০২১ৰ নিৰ্বাচন সমাগত। আগন্তুক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি সোমবাৰে বৰপেটাৰ সৰুক্ষেত্ৰী সমষ্টিৰ কয়াকুছিত কংগ্ৰেছ দলে প্ৰদৰ্শন কৰে নিজৰ শক্তি ৷ নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ উপস্থিতিত বুথ সন্মিলনত দেখা গ'ল অভাৱনীয় ভীৰ ৷
হাজাৰ হাজাৰ কংগ্ৰেছ কৰ্মীৰ লগতে সন্মিলনখনত বৰপেটাৰ সাংসদ আব্দুল খালেক, নগাওঁৰ সাংসদ প্ৰদ্যৎ বৰদলৈ, সাংসদ গৌৰৱ গগৈ, বিধায়ক দেৱব্ৰত শইকীয়া, ৰকিবুল হুছেইন, শুকুৰ আলী আহমেদ, অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী তথা বিধায়িকা নন্দিতা দাস, ৰেকিবুদ্দিন আহমেদ, এ কে ৰশিদ আলম চৌধুৰীকে আদি কৰি কংগ্ৰেছৰ একাধিক নেতা ,বিধায়কে অংশগ্ৰহণ কৰে ৷
সৰুক্ষেত্ৰীৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰে ২১ৰ নিৰ্বাচনৰ পূৰ্বে নিজৰ শক্তি প্ৰদৰ্শন কৰা বুথ সন্মিলনখনত কংগ্ৰেছ নেতাসকলে ভাষণ প্ৰদান কৰি বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰি ২০২১ত ৰাজ্যত কংগ্ৰেছ চৰকাৰ নিশ্চিত বুলি দাবী কৰে ৷ বুথ সন্মিলনখনত বাবু বৰুৱা, অজয় ফুকন আদি শিল্পীসকলে অংশগ্ৰহণ কৰি গীত পৰিবেশন কৰে ৷ বুথ সন্মিলনত অংশগ্ৰহণ কৰি সাংবাদিকৰ আগত নগাওঁ সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে বৰপেটাৰ সৰুক্ষ্ত্ৰীৰ পৰাই কংগ্ৰেছে ২০২১ৰ নিৰ্বাচনৰ ৰণডংকা বজোৱা বুলি মন্তব্য কৰে ৷
ইপিনে সৰুক্ষেত্ৰীৰ পিছত অহা এটা মাহ ধৰি সকলো সমষ্টিতে বুথ সন্মিলন অনুষ্ঠিত কৰা হ'ব বুলি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই ঘোষণা কৰে ৷ বুথ সন্মিলনৰ জৰিয়তে বিজেপি চৰকাৰৰ অপশাসন, মিথ্যাচাৰ, প্ৰতাৰণা আৰু অসম বিৰোধী কাৰ্যকলাপ প্ৰতিখন গাঁৱৰ, প্ৰতিঘৰলৈ লৈ যোৱা হ'ব বুলিও সদৰি কৰে ৰিপুণ বৰাই।
সন্মিলনখনত অংশগ্ৰহণ কৰি বিধায়ক দেৱব্ৰত শইকীয়াই অসমৰ ৰাইজে প্ৰধান শত্ৰুক চিনাক্ত কৰিবলৈ কা বিৰোধী শক্তিক একত্ৰিত হ'বলৈ আহ্বান জনায় ৷ আনহাতে অসম জাতীয় পৰিষদে ৰাষ্ট্ৰীয় দলৰ সৈতে মিত্ৰতা নকৰাৰ সিদ্ধান্তৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কা' বিৰোধী আন্দোলনৰ সময়ত কংগ্ৰেছে কৰা সহায়ৰ কথা ভাবি চাবলৈ লুৰিণজ্যোতি গগৈক আহ্বান জনাই দেৱব্ৰত শইকীয়াৰ ৷
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|