
প্ৰায় ৩ সহস্ৰাধিক লোকে ইছিকা সাহাৰ মৃতদেহ লৈ সমদল কৰি হত্যাকাৰীক কৰায়ত্ত কৰাৰ দাবী জনায়।
প্ৰায় ৩ সহস্ৰাধিক লোকে ইছিকা সাহাৰ মৃতদেহ লৈ সমদল কৰি হত্যাকাৰীক কৰায়ত্ত কৰাৰ দাবী জনায়।
বৰপেটাৰোডৰ মানসপুৰৰ ইছিকা সাহা নামৰ যুৱতীগৰাকীৰ ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ হোৱাত শনিবাৰে বৰপেটাৰোডত এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে (Protest at barpetaroad) ৷ প্ৰায় ৩ সহস্ৰাধিক লোকে ইছিকা সাহাৰ মৃতদেহ লৈ সমদল কৰি হত্যাকাৰীক ২৪ ঘণ্টাৰ ভিতৰত কৰায়ত্ত কৰাৰ দাবী জনাই প্ৰতিবাদ সাব্যস্ত কৰে বৰপেটাৰোডবাসীয়ে ৷
উল্লেখ্য যে বৰপেটাৰোডৰ (Barpetaroad) শিমলাগুৰিস্থিত আদৰ্শ একাডেমীৰ একাদশ শ্ৰেণীৰ ছাত্ৰী তথা মানসপুৰৰ যুৱতী ইছিকা সাহা যোৱা ১৫ ডিচেম্বৰৰ সন্ধিয়া নিজ গৃহৰ পৰা নিৰুদ্দেশ হৈছিল৷ পাছত পৰিয়ালৰ লোকে যুৱতীগৰাকীক বহু ঠাইত বিচাৰ-খোঁচাৰ কৰিছিল যদিও কোনোধৰণৰ শুংসূত্ৰ পোৱা নাছিল। পৰৱৰ্তী সময়ত বৰপেটাৰোড আৰক্ষী থানাত নিৰুদ্দেশ হোৱা সম্পৰ্কে এখন এজাহাৰ দাখিল কৰিছিল।
কিন্তু দুৰ্ভাগ্যজনকভাৱে শুকুৰবাৰে বৰপেটাৰ জয়পুৰৰ বেঁকী নৈৰ পাৰত যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ হৈছিল ৷ যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ (Ishika Saha Murder case) হোৱাৰ পাছত পৰিয়ালৰ লোকৰ লগতে বৰপেটাৰোড চহৰত এক শোকোকুল পৰিৱেশৰ সৃষ্টি হয় । হাউলী আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ অন্তত শনিবাৰে ইছিকা সাহাৰ মৃতদেহ পৰিয়ালৰ লোকক চমজাই দিয়াৰ পাছত বৰপেটাৰোডৰ হাজাৰ হাজাৰ লোকে ইছিকা সাহাৰ মৃতদেহটো লৈ সমদল কৰি বৰপেটাৰোড আৰক্ষী থানা ঘেৰাও কৰি ইছিকা হত্যাকাৰীক ২৪ ঘণ্টাৰ ভিতৰত কৰায়ত্ত কৰি দৃষ্টান্তমূলক শাস্তি দিয়াৰ দাবী জনায়
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|