• Home
  • »
  • News
  • »
  • assam
  • »
  • মুকলিৰ পূৰ্বেই কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ৰ দেৱালত বৃহৎ ফাঁট, ফাটিছে টিন, ঠিকাদাৰ প্ৰতিষ্ঠানৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ

মুকলিৰ পূৰ্বেই কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ৰ দেৱালত বৃহৎ ফাঁট, ফাটিছে টিন, ঠিকাদাৰ প্ৰতিষ্ঠানৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ

 শনিবাৰে এই বাতৰি প্ৰকাশ হোৱাৰ পিছতেই  জখলাবন্ধাস্থিত কলিয়াবৰ মহকুমা চিকিৎসালয়ত উপস্থিত হয় কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ সঁজাতি দল।

শনিবাৰে এই বাতৰি প্ৰকাশ হোৱাৰ পিছতেই  জখলাবন্ধাস্থিত কলিয়াবৰ মহকুমা চিকিৎসালয়ত উপস্থিত হয় কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ সঁজাতি দল।

শনিবাৰে এই বাতৰি প্ৰকাশ হোৱাৰ পিছতেই  জখলাবন্ধাস্থিত কলিয়াবৰ মহকুমা চিকিৎসালয়ত উপস্থিত হয় কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ সঁজাতি দল।

  • Share this:
News18 অসম নৰ্থইষ্টৰ ডিজিটেল বাতৰিৰ প্ৰভাৱ। মুকলিৰ পূৰ্বেই দেৱালত ফাঁট কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ত। শনিবাৰে এই বাতৰি প্ৰকাশ হোৱাৰ পিছতেই  জখলাবন্ধাস্থিত কলিয়াবৰ মহকুমা চিকিৎসালয়ত উপস্থিত হয় কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ সঁজাতি দল।

চিকিৎসালয়ত ঠিকাদাৰক উপস্থিত হ'বলৈ ঠিকাদাৰ-কৰ্মচাৰীক সকীয়নি প্ৰদান কৰে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই। অভিযন্তাসহ ঠিকাদাৰ আহি চিকিৎসালয়ত উপস্থিত নোহোৱা পৰ্যন্ত কাম বন্ধ কৰিবলৈ দাবী জনাই কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই।

শীঘ্ৰে বিষয়টোৰ সন্দৰ্ভত কৰ্তৃপক্ষক  স্থিতি স্পষ্ট কৰিবলৈও দাবী জনোৱাৰ লগতে স্থানীয় বিধায়ক তথা স্বাস্থ্যমন্ত্ৰীক এই ক্ষেত্রত বিহিত ব্যৱস্থা ল'বলৈ আহ্বান জনাই কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰসন্থাই। মন কৰিবলগীয়া কথা যে, মুকলিৰ পূৰ্বেই চিকিৎসালয় খনৰ দেৱালত মেলিছে বৃহৎ বৃহৎ ফাঁট, ফাটিছে টিন।  ৰাইজৰ চকুত ধূলি দি দেৱালৰ বৃহৎ ফাঁটত সানি দিছে হুৱাইট চিমেণ্ট, পুটিন, বগা ৰং। টিনত লগাইছে এম-ছীল।

পূৰ্বৰ জখলাবন্ধা এফ আৰ ইউ  চিকিৎসালয়খনক এশখন বিছনা যুক্ত কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়লৈ উন্নীতকৰণৰ বাবে চৰকাৰে এটা তিনিমহলীয়া ভৱন নিৰ্মাণৰ দায়িত্ব দিছিল মেচাৰ্ছ কে কে এণ্টাৰপ্ৰাইজ নামৰ ঠিকাদাৰ প্ৰতিষ্ঠানক।

ইতিমধ্যে চিকিৎসালয়খনৰ কাম এশ শতাংশই সম্পূৰ্ণ কৰিছে যদিও অতি আশ্চৰ্যৰ বিষয় যে, চিকিৎসালয়খনৰ দ্বাৰ মুকলি নৌহওঁতেই নৱনিৰ্মিত ভৱনটোৰ বেৰসমূহত মেলিছে ফাঁট, খহি পৰিছে চিলিঙৰ প্লাষ্টাৰ সমূহ। ঠিকাদাৰ প্ৰতিষ্ঠানটোৰ এনে কাণ্ডত তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে স্থানীয় সচেতন মহলে। খোদ স্বাস্থমন্ত্ৰীৰ গৃহ সমষ্টিতে ঠিকাদাৰ প্ৰতিষ্ঠানে এনে দুৰ্নীতিৰ আশ্ৰয় ল'বলৈ মৰসাহ কৰা ঘটনাই মিশ্ৰিত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে কলিয়াবৰত।
Published by:Himangshu Bhuyan
First published: