মুখ্যপৃষ্ঠা » খবৰ

» অসম

»লখিমপুৰত নিষিদ্ধ ড্ৰাগছ আৰু নিচাযুক্ত টেবলেটৰ ৰমৰমীয়া বেহা, আৰক্ষীৰ জালত ১৪টা ড্ৰাগছ মাফিয়া

লখিমপুৰত নিষিদ্ধ ড্ৰাগছ আৰু নিচাযুক্ত টেবলেটৰ ৰমৰমীয়া বেহা, আৰক্ষীৰ জালত ১৪টা ড্ৰাগছ মাফিয়া

News18 Assam | News18-Assam
Updated:July 5, 2020, 8:57 PM IST
লখিমপুৰত নিষিদ্ধ ড্ৰাগছ আৰু নিচাযুক্ত টেবলেটৰ ৰমৰমীয়া বেহা, আৰক্ষীৰ জালত ১৪টা ড্ৰাগছ মাফিয়া
লখিমপুৰ জিলাৰ হাৰমতী যেন এতিয়া ড্ৰাগছ মাফিয়াৰ বাবে হৈ পৰিছে নিৰাপদ ঘাটি।

লখিমপুৰ জিলাৰ হাৰমতী যেন এতিয়া ড্ৰাগছ মাফিয়াৰ বাবে হৈ পৰিছে নিৰাপদ ঘাটি।

  • Share this:
লখিমপুৰ জিলাৰ হাৰমতী যেন এতিয়া ড্ৰাগছ মাফিয়াৰ বাবে হৈ পৰিছে নিৰাপদ ঘাটি। যোৱা ২৩ দিনত লখিমপুৰ আৰক্ষীৰ জালত পৰিল ১৪ টাকৈ ড্ৰাগছ মাফিয়া। ড্ৰাগছ মাফিয়া কেইটাৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে হেৰ'ইন, নিচাযুক্ত টেবলেট, সহ বহু পৰিমাণৰ নিচাযুক্ত চিৰাফ। উদ্ধাৰ হৈছে প্ৰায় ১ লাখ ৫০ হাজাৰ নগদ টকা।



অসম-অৰুণাচল সিমান্তত ড্ৰাগচ মাফিয়াৰ নিৰাপদ স্থান হিচাপে চিহ্নিত হৈছে হাৰমতীৰ পাৰ্ৱতীপুৰ অঞ্চল। এই অঞ্চলতে বাহৰ পাতি ড্ৰাগছ মাফিয়াই সামগ্ৰী যোগান ধৰে সৰবৰাহকাৰীক। এনে নিচাযুক্ত সামগ্ৰী বিক্ৰী হয় অসম-অৰুণাচল সীমান্তৰ বান্দৰদেৱাৰ লগতে অৰুণাচল প্ৰদেশত।

শণিবাৰে নিশা লখিমপুৰ আৰক্ষীৰ জালত পৰিল কুখ্যাত মাফিয়া হিৰণ্য দলে । হিৰণ্য দলেৰ হাতৰ পৰা উদ্ধাৰ হ’ল বৃহৎ পৰিমাণৰ ড্ৰাগছ আৰু নগদ ৬৭ হেজাৰ টকা। আৰক্ষীৰ জেৰাত হিৰণ্য দলেই স্বীকাৰ কৰিছে বহু কথা। নিচাযুক্ত সামগ্ৰী সৰবৰাহ হয় মণিপুৰৰ পৰা। পিছত সেয়া গুৱাহাটীৰ পৰা লখিমপুৰ, বান্দৰদেৱা, হাৰমতীলৈ অনা হয়।
First published: July 5, 2020, 8:57 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি