মেট্ৰিকৰ ফলাফলত ছাত্ৰৰ আধিপত্য!

ঘোষিত হ’ল ২০১৯ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। এইবাৰ মুঠ ৬০.২৩ শতাংশ পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে পৰীক্ষাত। বিগত বৰ্ষত এই উত্তীৰ্ণৰ হাৰ আছিল ৫৬.০৪ শতাংশ।

news18assam
Updated:May 15, 2019, 10:35 AM IST
মেট্ৰিকৰ ফলাফলত ছাত্ৰৰ আধিপত্য!
ঘোষিত হ’ল ২০১৯ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। এইবাৰ মুঠ ৬০.২৩ শতাংশ পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে পৰীক্ষাত। বিগত বৰ্ষত এই উত্তীৰ্ণৰ হাৰ আছিল ৫৬.০৪ শতাংশ।
news18assam
Updated: May 15, 2019, 10:35 AM IST
ঘোষিত হ’ল ২০১৯ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। এইবাৰ মুঠ ৬০.২৩ শতাংশ পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে। বিগত বৰ্ষত এই উত্তীৰ্ণৰ হাৰ আছিল ৫৬.০৪ শতাংশ। এইবাৰ মুঠ ফলাফলত ছাত্ৰই উন্নত প্ৰদৰ্শন কৰিছে। ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ ৬২.৬৯ শতাংশ।

আনহাতে, এইবাৰ ছাত্ৰী উত্তীৰ্ণ হৈছে ৫৭.৯৯ শতাংশ। জিলা ভিত্তিত ধেমাজিয়ে ৮৩.২৮ শতাংশ উত্তীৰ্ণৰ হাৰেৰে প্ৰথম স্থান দখল কৰিছে। দ্বিতীয় স্থানত আছে শিৱসাগৰ। শিৱসাগৰ জিলাত মুঠ উত্তীৰ্ণৰ হাৰ ৭০.২০ শতাংশ। তৃতীয় স্থানত আছে নলবাৰী জিলা। নলবাৰীত মুঠ উত্তীৰ্ণ ৭০.০৮ শতাংশ। আটাইতকৈ শোচনীয় ফলাফল হাইলাকান্দি জিলাত। ৩৯.০১ শতাংশ পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে জিলাখনত।

এইবাৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৩,৩৬,২০৩ গৰাকী পৰীক্ষাৰ্থী। ইয়াৰ ভিতৰত উত্তীৰ্ণ হৈছে ২,০২,৫০৮ গৰাকী পৰীক্ষাৰ্থী। প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে ৪৮,৫৯৯ গৰাকী পৰীক্ষাৰ্থী। দ্বিতীয় বিভাগত ৭১,০২০ গৰাকী আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে ৮২,৮৮৯ গৰাকী পৰীক্ষাৰ্থী।
আৰু চাওক পৰৱৰ্তী বাতৰি