হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল ঘোষণা, শীৰ্ষত নাৰায়ণপুৰৰ মেঘাশ্ৰী

ঘোষণা হ’ল হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল। ২০১৯ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত শীৰ্ষত জিলিকিল শংকৰদেৱ শিশু বিদ্যা নিকেতন, নাৰায়ণপুৰৰ মেঘাশ্ৰী বৰা।

news18assam
Updated:May 15, 2019, 9:16 AM IST
হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল ঘোষণা, শীৰ্ষত নাৰায়ণপুৰৰ মেঘাশ্ৰী
ঘোষণা হ’ল হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল। ২০১৯ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত শীৰ্ষত জিলিকিল শংকৰদেৱ শিশু বিদ্যা নিকেতন, নাৰায়ণপুৰৰ মেঘাশ্ৰী বৰা।
news18assam
Updated: May 15, 2019, 9:16 AM IST
ঘোষণা হ’ল হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল। ২০১৯ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত শীৰ্ষত জিলিকিল শংকৰদেৱ শিশু বিদ্যা নিকেতন, নাৰায়ণপুৰৰ মেঘাশ্ৰী বৰা। ছটা বিষয়তে লেটাৰ নম্বৰসহ মেঘাশ্ৰীয়ে লাভ কৰিছে মুঠ ৫৯৪ নম্বৰ।

শীৰ্ষত কোন কোনঃ



হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত দ্বিতীয় স্থান লাভ কৰিছে দুগৰাকী শিক্ষাৰ্থীয়ে। যোৰহাটৰ বাঘচোঙৰ ডনবস্ক’ হাইস্কুলৰ চিন্ময় হাজৰিকা আৰু গুৱাহাটীৰ ছেইণ্ট মেৰিজ হাইস্কুলৰ প্ৰত্যাশা মেধিয়ে লাভ কৰিছে ৰাজ্যৰ ভিতৰতে দ্বিতীয় স্থান। দুয়োগৰাকী শিক্ষাৰ্থীয়ে লাভ কৰিছে মুঠ ৫৯৩ নম্বৰকৈ।

তৃতীয় স্থান লাভ কৰিছে নগাঁৱৰ খ্ৰীষ্টজ্যোতি স্কুলৰ আফ্ৰিন আহমেদ আৰু গুৱাহাটীৰ ছেইণ্ট মেৰিজ হাইস্কুলৰ অনুশ্ৰী ভূঞাই। মুঠ ৫৯১ নম্বৰকৈ লাভ কৰিছে দুয়োগৰাকী মেধাৱী শিক্ষাৰ্থীয়ে।

আনহাতে, এইবাৰ মেট্ৰিকত চতুৰ্থ স্থানত জিলিকিল গুৱাহাটীৰ ছেইণ্ট মেৰিজ হাইস্কুলৰ কৃষ্টি শইকীয়া। কৃষ্টিয়ে লাভ কৰিছে মুঠ ৫৯০ নম্বৰ।

পঞ্চম স্থান লাভ কৰিছে ৫গৰাকী মেধাৱী শিক্ষাৰ্থীয়ে। ৫৮৯ নম্বৰেৰে পঞ্চম স্থান দখল কৰিছে বাক্সাৰ ছেইণ্ট জন হায়াৰ ছেকেণ্ডাৰী স্কুলৰ ফাল্গুণী শৰ্মা, ডিব্ৰুগড়ৰ বৈৰাগীমঠৰ ডনবস্ক’ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ লৱজ্যোতি দাস, গোলাঘাট জাতীয় বিদ্যালয়ৰ উপাসা মুদৈ, লখিমপুৰৰ ছেইণ্ট মেৰিজ হাইস্কুলৰ তৌছিফ তমন্না ৰহমান আৰু অসম জাতীয় বিদ্যালয়, নুনমাটিৰ প্ৰিয়ংকা কলিতাই।

২০১৯ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ষষ্ঠ স্থান লাভ কৰিছে ৫গৰাকী শিক্ষাৰ্থীয়ে। বৰপেটা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰাজশ্ৰী পাঠক আৰু অভীস্পা দাস, গোৱালপাৰাৰ চেন্ট্রেল গাৰ্লছ হাইস্কুলৰ ছাৰমিন হাছনাত, বেজেৰাৰ উদয়ন শান্তি নিকেতনৰ অনুৰাগ বৰ্মন আৰু কামৰূপৰ পুঠিমাৰীৰ পায়’নিয়াৰ একাডেমীৰ প্ৰিয়ম কাশ্যপে। আটাইকেইগৰাকী শিক্ষাৰ্থীয়ে লাভ কৰিছে মুঠ ৫৮৮ নম্বৰকৈ।

আনহাতে, ৫৮৭ নম্বৰেৰে মেট্ৰিকৰ সপ্তম স্থানত উজলিল চাৰিগৰাকী মেধাৱী শিক্ষাৰ্থী। লখিমপুৰৰ ছেইণ্ট মেৰিজ হাইস্কুলৰ অলয় বুঢ়াগোহাঁই আৰু দ্বীপজ্যোতি শৰ্মা, পুৰণিগুদাম আৰ কে বি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অংকুৰৰাজ কাশ্যপ আৰু নলবাৰীৰ লিটল ফ্লাৱাৰ স্কুল নিকিতা কলিতাই লাভ কৰিছে সপ্তম স্থান।

অষ্টম স্থানত জিলিকিল বাক্সাৰ ছেইণ্ট জন হায়াৰ ছেকেণ্ডাৰী স্কুলৰ ইভান কাশ্যপ কলিতা, কামৰূপৰ আগডলা চাৰিআলি হাইস্কুলৰ বৰষা ডেকা, বেবেজিয়া পি কে এছ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নিশিতা খাটনিয়াৰ, নগাঁও চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ঈশান ভূঞা, ননৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দ্বীপ শইকীয়া আৰু গৌৰীসাগৰ উচ্চতৰ মাধ্যমিক ইণ্ডাষ্ট্ৰিয়েল ইনষ্টিটিউটৰ দেৱাশ্ৰী শইকীয়াই। আটাইকেইগৰাকী শিক্ষাৰ্থীয়ে পাইছে মুঠ ৫৮৬ নম্বৰকৈ।

ইফালে, এইবাৰৰ ফলাফলত নৱম স্থান দখল কৰিছে পাঠশালা শিক্ষাপীঠ আদৰ্শ হাইস্কুলৰ হিৰকজ্যোতি চৌধুৰী, ছিপাঝাৰৰ হেপী চাইল্ড ইংলিছ স্কুলৰ জেফ্ৰিন আৰা আহমেদ, নগাঁৱৰ খ্ৰীষ্টজ্যোতি স্কুলৰ ইৰফান হক, টিহুৰ বিবেকানন্দ বিদ্যা নিকেতনৰ দ্বীপশেখৰ কলিতা আৰু মৰাণহাটৰ ছেইণ্ট জোছেফ হাইস্কুলৰ অৰ্চিতা দুৱৰাই। ৫৮৫ নম্বৰকৈ লাভ কৰিছে আটাইকেইগৰাকী শিক্ষাৰ্থীয়ে।

দশম স্থান অধিকাৰ কৰিছে উত্তৰ বজালী হাইস্কুলৰ উদ্দীপ্ত কলিতা, ডিব্ৰুগড়ৰ বি এল বেৰিয়া সৰস্বতী শিশু মন্দিৰৰ অনিৰ্বাণ দত্ত, গোলাঘাট জাতীয় বিদ্যালয়ৰ অচ্যুত কুমাৰ চেতিয়া, হাজোৰ শংকৰদেৱ বিদ্যা নিকেতনৰ মনীষা মালাকাৰ, মিৰ্জাৰ অৰুণোদয় ইংলিছ মিডিয়াম হাইস্কুলৰ বিতোপন কলিতা, হোজাইৰ ডনবস্ক’ হাইস্কুলৰ শাগ্নিক বণিক, পুৰণিগুদাম আৰ কে বি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মিণ্টু গায়ন আৰু টিহুৰ শংকৰদেৱ বিদ্যা নিকেতনৰ দ্বীপজ্যোতি শৰ্মাই। আটাইকেইগৰাকী শিক্ষাৰ্থীয়ে লাভ কৰিছে মুঠ ৫৮৩ নম্বৰকৈ।
আৰু চাওক পৰৱৰ্তী বাতৰি