
এই ফলাফল লাভ কৰাৰ পাছতে অভিনৱ গগৈৰ বাসগৃহত উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি হৈছে৷
এই ফলাফল লাভ কৰাৰ পাছতে অভিনৱ গগৈৰ বাসগৃহত উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি হৈছে৷
আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত নৱম স্থান দখল কৰি মৰাণলৈ গৌৰৱ কঢ়িয়াই আনিছে মৰাণ ছেইণ্ট যোছেফ হাইস্কুলৰ ছাত্ৰ অভিনৱ গগৈয়ে৷ মৰাণ অইল ইণ্ডিয়া কলনী নিবাসী বাস্তৱ গগৈ আৰু মানসী গগৈৰ পুত্ৰ অভিনৱে লাভ কৰিছে মুঠ ৫৮৫ নম্বৰ৷ এই ফলাফল লাভ কৰাৰ পাছতে অভিনৱ গগৈৰ বাসগৃহত উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি হৈছে৷ এই সাফল্যত পিতৃ-মাতৃ, বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ সহযোগিতাৰ কথা সোঁৱৰে ছাত্ৰজনে৷ সৰুৰে পৰা ছবি আঁকি আৰু গীত গাই ভাল পোৱা অভিনৱৰ ভৱিষ্যতে এজন সুচিকিৎসক হোৱাৰ ইচ্ছা৷ বৰ্তমান বিজ্ঞান বিষয় শাখাত নামভৰ্তি কৰিব ছাত্ৰজনে৷ উল্লেখ্য মৰাণ ছেইণ্ট যোছেফ হাইস্কুলৰ পৰা বিগত বৰ্ষতো নৱম স্থান দখলেৰে বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াইছিল বিদ্যালয়খনৰ ছাত্ৰী আৰ্চিতা দুৱৰাই৷ পুনৰ আজিৰ এই সাফল্যত গৌৰৱান্বিত মৰাণবাসী৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|