
দৰিদ্ৰতা কেতিয়াও সফলতাৰ বাটত হেঙাৰ হ’ব নোৱাৰে ৷ সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৯৫% নম্বৰেৰে জিলিকিল বিজনী আলুখুন্দাৰ দুখীয়া কৃষকৰ পুত্ৰ ৰূপচান আলী।
দৰিদ্ৰতা কেতিয়াও সফলতাৰ বাটত হেঙাৰ হ’ব নোৱাৰে ৷ সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৯৫% নম্বৰেৰে জিলিকিল বিজনী আলুখুন্দাৰ দুখীয়া কৃষকৰ পুত্ৰ ৰূপচান আলী।
সাফল্যৰ পথত দৰিদ্ৰতা কেতিয়াও হেঙাৰ হ'ব নোৱাৰে । এই কথা পুনৰ প্ৰতিপন্ন কৰি নিজৰ মেধা শক্তিৰে জিলিকি উঠিল চিৰাং জিলাৰ বিজনী আলুখুন্দাৰ ৰূপচান আলী নামৰ এজন ছাত্ৰ। চৰকাৰী বিদ্যালয় আলুখুন্দা মিলনজ্যোতি হাইস্কুলত অধ্যয়ন কৰি মঙলবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা (HSLC)ৰ ফলাফলত ৯৫% নম্বৰেৰে আটাইকেইটা বিষয়ত লেটাৰ নম্বৰসহ ডিষ্টিংচন লাভ কৰি জিলাখনৰ লগতে বিদ্যালয় আৰু নিজৰ ঘৰখনলৈ গৌৰৱ আজুৰি আনিবলৈ সক্ষম হৈছে ৰূপচান আলী নামৰ এইজন দুখীয়া ছাত্ৰই।
আলুখুন্দাৰ গৰাইমাৰী নিবাসী অতি দুখীয়া কৃষক পিতৃ আতোৱাৰ ৰহমান আৰু মাতৃ ৰূপালী বিবিৰ প্ৰথম পুত্ৰ ৰূপচান আলীয়ে স্কুলীয়া জীৱনত কোনো ব্যক্তিগত টিউচন অবিহনেই এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৫৭০ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। মনত এগৰাকী প্ৰশাসনিক বিষয়া হোৱাৰ সপোন পুহি ৰখা ৰূপচান আলীৰ পিতৃ-মাতৃয়ে পুত্ৰৰ সাফল্যত আনন্দ কৰাৰ বিপৰীতে আৰ্থিক দুৰৱস্থাৰ বাবে পুত্ৰৰ ভৱিষ্যতক লৈ হৈ পৰিছে চিন্তিত।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|